কাণৰ কাষত মহে কিয় গুণগুণায়কাৰণ জানিলে অবাক হ’ব

0
650


কাণৰ ওচৰত মহে যেতিয়া গুণগুণাবলৈ ধৰে আপুনি নি(য় বিৰক্তি অনুভৱ কৰে আৰু খং উঠে৷ এইটো সকলোৰে ক্ষেত্ৰতে হোৱা এটা ঘটনা৷ সময়-অসময় নাই মহে আহি যেতিয়া কাণৰ কাষত গান গাবলৈ ধৰে খঙৰ ধমকত হাতেহে জোৰকৈ আঁজুৰি দিয়া হয়৷ আপুনি যিমানে বিৰক্তি অনুভৱ কৰে সিমানে মহেও আপোনাৰ ৰং চায়৷ মুঠতে কাণৰ ওচৰত মহে গুণগুণোৱাটো এটা অতি বিৰক্তিদায়ক কাম৷ কিন্তু আপুনি বাৰু কেতিয়াবা ভাবিছেনে যে মহে কিয় কাণৰ কাষতহে গান গায়৷ অৱশ্যে ইয়াৰো কাৰণ নথকা নহয়৷ সাধাৰণতে এনোফিলিছ, কিউলেক্স, এডিচ, হেমাগোগাছ আদি বিভিন্ন প্ৰজাতিৰ মহ থাকিলেও আমাৰ দেহ মূলতঃ এনোফিলিছ প্ৰজাতিৰ মহেহে কামোৰে৷ কিউলেক্স প্ৰজাতিৰ মহে মানুহৰ তেজ নোসোহে৷ এই প্ৰজাতিৰ মহে গছৰ পাতৰ ৰস, ফুলৰ ৰেণু আদিৰ পৰা প্ৰয়োজনীয় পুষ্টি সংগ্ৰহ কৰে৷ মনত ৰখা ভাল যে কেৱল মাইকী মহেৰে মানুহক কামোৰে৷ মতা তথা মাইকী উভয় মহে মানুহৰ কাণৰ কাষত গুণগুণোৱা দেখিবলৈ পোৱা যায়৷ ইয়াৰ কাৰণ হিচাপে বিশেষজ্ঞ যি কৈছে, সেয়া জানিলে আপুনিও চমকি উঠিব৷ মহে কাণৰ কাষত গুণগুণোৱা প্ৰসংগত বিশেষজ্ঞই জনোৱা মতে মানুহৰ শৰীৰৰ পৰা নিৰ্গত কাৰ্বন-ডাই-অক্সাইডৰ প্ৰতি আকৃষ্ট হৈয়ে কাণৰ কাষত ভুনভুনায়৷ কিয়নো কাণৰ কাষত পোৱা এবিধ গোন্ধৰ প্ৰতি মহে আকৃষ্ট হয় আৰু এই গোন্ধে মহক কাণৰ কাষলৈ টানি আনে৷ জীৱবিজ্ঞানীয়ে জনোৱা মতে বেছি কাৰ্বন-ডাই-অক্সাইড অনুভৱ কৰাৰ কাৰণে মহৰ চেঞ্চৰে নিৰ্দেশনা দিয়ে আৰু উৰি আহি কাণৰ কাষ পায়৷ কাণৰ কাষত এইদৰে উৰি থকাৰ ফলত পাখিৰ শব্দ আমি কাণেৰে শুনিবলৈ পাওঁ আৰু কাণৰ কাষত মহে গান গোৱা যেন বোধ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here