কাঠফুলা খোৱাটো জৰুৰীনে?

0
1814

আমিষভোজী খাদ্যৰ ভিতৰত কাঠফুলা বা মাছৰূম অন্যতম৷ কাঠফুলা হৈছে সৰ্বোচ্ছ প্ৰ’টিনযুক্ত এবিধ আঁহযুক্ত খাদ্য৷ আমাৰ দেহৰ বাবে প্ৰ’টিনৰ প্ৰয়োজন অপৰিহাৰ্য৷ মাছ, মাংস, কণী আদিত যথেষ্ট পৰিমাণে প্ৰ’টিন পোৱা যায় যদিও বিজ্ঞানীসকলে পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰিছে যে উপৰিউক্ত খাদ্যদ্ৰব্যবোৰতকৈ কাঠফুলাত বহুত বেছি পৰিমাণে প্ৰ’টিন পোৱা যায়৷ ইয়াৰ বসতিস্থল পচা কাঠ, পচা আৱৰ্জনাৰ দ’ম, জেকা মাটি আদি যদিও আজিকালি বৈজ্ঞানিক পদ্ধতিৰে ইয়াৰ খেতি কৰি বহুতে লাভান্বিত হৈছে৷ কাঠফুলা সহজে পোৱা দেখা যায়, তথাপি ইয়াৰ চিনাক্ত কৰিহে খোৱাটো উচিত, কাৰণ দুইধৰণৰ কাঠফুলা আছে– এবিধ খোৱাৰ উপযোগী যদিও আনবিধ অতি বিষাক্ত৷ চিনাক্তকৰণৰ অভাৱত এনে বিষাক্ত কাঠফুলা খাই ইতিমধ্যে বহুতো লোকৰ মৃত্যু হৈছে৷ সেয়ে চিনাক্তকৰণ কাঠফুলাহে খাব লাগে৷ কাঠফুলাৰ উপকাৰী গুণবোৰনো কি? জানো আহক–

(১) কাঠফুলাৰ হজমী গুণ যথেষ্ট বেছি বাবে হজম হোৱাত সহায় কৰে৷
(২) কাঠফুলাত ফলিক এচিড থাকে বাবে তেজ গঠনত সহায় কৰে৷ কাঠফুলা ৰক্তহীনতা ৰোগীৰ কাৰণে এবিধ উত্তম খাদ্য৷
(৩) ডায়েবেটিছ ৰোগীয়ে নিয়মিতভাৱে কাঠফুলা খালে ই শৰীৰত প্ৰ’টিনৰ যোগান ধৰে৷
(৪) উচ্ছ ৰক্তচাপত ভোগা লোকৰ বাবে কাঠফুলা যথেষ্ট উপকাৰী৷
(৫) কাঠফুলাত এগষ্টাৰ নামৰ এবিধ উপাদান থাকে৷ যিয়ে আমাৰ সিৰাবোৰৰ মাজত কলেষ্টৰেল গঠন হ’বলৈ নিদিয়ে আৰু সিৰাবোৰ পৰিষ্কাৰ কৰি ৰাখে৷
(৬) কাঠফুলাত দৰকাৰী প্ৰ’টিন থকা হেতু চিকিৎসকসকলে হৃদৰোগীসকলক কাঠফুলা খোৱাৰ পৰামৰ্শ দিয়ে৷
(৭) কাঠফুলাই শৰীৰৰ ওজন কমোৱাত সহায় কৰে– ইয়াত থকা লীন নামৰ প্ৰ’টিনবিধৰ জৰিয়তে৷
(৮) কাঠফুলাত থকা ভিটামিন-বিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
(৯) কোষ্ঠকাঠিন্য, অজীৰ্ণ, পেটৰ বিভিন্ন সমস্যা কাঠফুলা খালে নিৰাময় হয়৷
(১০) কাঠফুলা খালে শৰীৰত এণ্টি ভাইৰেল তথা প্ৰ’টিনৰ মাত্ৰা বৃদ্ধি পায় বাবে শৰীৰৰ কোষবিলাকৰ পুনৰ গঠনত সহায় কৰে৷
এনে এবিধ মাত্ৰাধিক প্ৰ’টিন থকা খাদ্য খাই আমাৰ দেহৰ প্ৰ’টিনজনিত ৰোগ নিৰ্মূল কৰোঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here