Diet PlusFitness PlusHealth NaturallyHealth Talksকাঠআলু খাই ভাল পায়নে? ইয়াৰ উপকাৰিতা জানো আহকBy Health Plus - May 24, 202502Facebook Twitter Pinterest WhatsApp আলু খাই ভাল নোপোৱা মানুহ এই পৃথিৱীত বিৰল৷ আলু নোহোৱাকৈ যেন কোনো এখন ব্যঞ্জনেই সম্প্ূৰ্ণ নহয়৷ আলু বিভিন্ন প্ৰকাৰৰ আছে– গুটি আলু, ৰঙা আলু, মোৱা আলু, কাঠ আলু, বন আলু, মিঠা আলু ইত্যাদি৷ আজি ক’বলৈ বিচৰা হৈছে কাঠ আলুৰ বিষয়ে৷ কাঠ আলুক বহুতেই মিঠা আলু বুলি ক’ব খোজে৷ কিন্তু আচলতে কাঠ আলু আৰু মিঠা আলু দুয়োবিধ বেলেগ বেলেগ৷ কাঠ আলুত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট, ভিটামিন-বি৬, কপাৰ, মেংগানিজ আৰু পটেচিয়াম পোৱা যায়৷ তেন্তে আহকচোন কাঠ আলুৰ উপকাৰিতাৰ বিষয়ে জানো৷কাঠ আলুৱে পাচন প্ৰক্ৰিয়া সুস্থ কৰি ৰাখে৷ ই আমাৰ শৌচ স্বাভাৱিক হোৱাত সহায় কৰে৷কাঠ আলুৰ সেৱনে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব পাৰে৷কাঠ আলুত থকা এণ্টিঅক্সিডেণ্টে কৰ্কট ৰোগৰ সম্ভাৱনা নাইকিয়া কৰাত বিশেষ ভূমিকা পালন কৰে৷তেজত হিমগ্লবিন বৃদ্ধি কৰাৰ বাবে কাঠ আলু খোৱা উচিত৷ওজন হ্ৰাস, কলেষ্টৰেলৰ পৰিমাণ নিয়ন্ত্ৰণ, শাৰীৰিক দুৰ্বলতা নাইকিয়া কৰা, এনিমিয়া প্ৰতিৰোধ কৰা, দৃষ্টিশক্তি বৃদ্ধি, ছাল আৰু চুলিৰ বাবেও কাঠ আলু অতি উত্তম৷গতিকে কাঠ আলু খোৱাসকলৰ বাবে এইটো এটা সুখৰ খবৰ নহয়নে? তেন্তে আহক আমি সকলোৱে এনে এবিধ ঔষধি গুণবিশিষ্ট পাচলি কাঠ আলু খাই শৰীৰ সুস্থ কৰি ৰাখো৷