কাজুবাদামৰ উপকাৰিতা কি? জানো আহক

0
2175

কাজুবাদাম অত্যন্ত সুস্বাদু এবিধ বাদাম৷ কাজুবাদামক চাহাবী বাদাম বুলিলেও ভুল কোৱা নহ’ব চাগে’। কাৰণ অইন বাদামতকৈ ইয়াৰ মূল্য বেছি হোৱাৰ বাবে সাধাৰণতে চাহাব বা আঢ্যৱন্ত লোকৰ খাদ্য তালিকাতেই ই সীমিত থাকে৷ ইয়াক শুকান ফলৰ ৰজা বুলি কোৱা হয়৷ ভাৰতৰ কেৰালা আৰু কৰ্ণাটক ৰাজ্যত কাজুবাদামৰ গছ পোৱা যায়৷ গছবোৰ সাধাৰণতে ১৫ৰ পৰা ২০ ফুটপৰ্যন্ত ওখ হয়৷ কাজুবাদাম বহু মানুহৰে প্ৰিয়৷ এইবিধ বাদামত প্ৰয়োজনীয় এণ্টিঅক্সিডেণ্ট গুণ থকাৰ লগতে ভিটামিন আৰু মিনাৰেলো পোৱা যায়৷ কাজু নিয়মিতভাৱে সঠিক মাত্ৰাত খালে টনিক বা ভিটামিন খোৱাৰ দৰে হয়৷ ২০০৩ চনত দ্য ফুড এণ্ড ড্ৰাগ এডমিনিষ্টেশ্যনে প্ৰকাশ কৰিছে যে কাজুবাদামে আমাৰ দেহত কলেষ্টৰেলৰ পৰিমাণ নিন্মগামী কৰে৷ কাজুবাদামৰ কৰ্কট ৰোগ আৰু হৃদৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে৷ কাজুত যথেষ্ট পৰিমাণৰ কপাৰ থকাৰ বাবে ই চুলিৰ বাবে আৱশ্যকীয়৷ এই কপাৰে চুলি পকাত বাধা দিয়ে৷ কাজুবাদামে ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে৷ কাজুত চেলেনিয়াম, ভিটামিন-ই থাকে, যাৰ ফলত শৰীৰে কেঞ্চাৰ ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে। কাজুবাদামত ভাল চৰ্বি থাকে, যিয়ে বেয়া কলেষ্টৰেল এলভিওলাৰৰ মাত্ৰা কম কৰাত সহায় কৰে৷ বিশেষজ্ঞৰ মতে নিতৌ চাৰি-পাঁচটাহে খাব লাগে৷ এনে হিচাপত খালে দেহৰ ওজন হ্ৰাস পায়, মেদবহুলতা নাবাঢ়ে৷ শিশুক নিতৌ দুই-চাৰিটাকৈ গাখীৰৰ লগত কাজুবাদাম খুৱালে স্বাস্থ্য সুৰক্ষিত হোৱাৰ লগতে পঢ়া-শুনাতো মনোযোগ বৃদ্ধি পায়৷ কাজু খালে দাঁতৰ আলু মজবুত হোৱাৰ লগতে পাচনতন্ত্ৰ‌ও সবল হয়৷ ইয়াক সেৱন কৰিলে দুবৰ্ল তথা ৰুগীয়া লোকৰ গাত বল-শক্তি বাঢ়ে৷ ইয়াৰ নিয়মিত সেৱনে মগজুৰ কোষ সুস্থ কৰাৰ লগতে স্মৃতিশক্তি বঢ়ায়। ভাগৰ, দুখ-দুশ্চিন্তা আৰু অৱসাদ আঁতৰায়৷ গাৰ ছাল সুন্দৰ আৰু মসৃণ কৰে৷ কিন্তু অধিক মাত্ৰাত খালে পেটৰ অসুখ হ’ব পাৰে৷ সেয়েহে আহক, কাজুবাদাম নিয়মিতভাৱে সঠিক মাত্ৰাত খাই আমাৰ স্বাস্থ্য অটুট ৰাখিবলৈ যত্ন কৰোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here