কাচৰ বাচন কিদৰে চিকচিকিয়া কৰি ৰাখিব ?

0
65

কাচৰ বাতন-বৰ্তন, গ্লাছ, বাটি, খাদ্য সামগ্ৰী ৰখা কাচৰ বাচন আদিবোৰে পাকঘৰটো দেখাত সুন্দৰ কৰি ৰাখে৷ খুব ঠুনুকা যদিও কাচৰ সামগ্ৰী দেখিবলৈ অতি ধুনীয়া আৰু এইবোৰ সঁজুলিত খাদ্যবস্তু খোৱাটোও স্বাস্থ্যসন্মত৷ অৱশ্যে কাচৰ বাচন-বৰ্তন দেখাত সুন্দৰ তথা স্বাস্থ্যকৰ হ’লেও সহজে এইবোৰত ময়লা জমা হৈ দেখাত অপৰিষ্কাৰ হৈ পৰে৷ অতি ঠুনুকা হোৱা বাবে কাচৰ সামগ্ৰী পৰিষ্কাৰ কৰোঁতে অতি সাৱধান হ’ব লগা হয় আৰু এইটো বেছ কষ্টকৰ৷ কিয়নো বেছি হেঁচা দিয়ে ভাঙি থাকিব পাৰে৷ সেয়ে কিদৰে কাচৰ বাচনৰ দাগ পৰিষ্কাৰ কৰিব সেই বিষয়ে জানো আহক৷
কাচৰ বাচন ব্যৱহাৰ কৰাৰ বাবে ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে৷ কুহুমীয়া পানীত ৪-৫ চামুচ ভিনেগাৰ মিহলাই লওক৷ সেই পানীখিনিত দাগ লগা কাচৰ বাচন তিয়াই ৰাখক৷ কিছু সময় ৰখাৰ পাছত পৰিষ্কাৰ পানীৰে ধুই দিলে দেখিব বাচনবোৰ চকচকীয়া হৈছে৷
নেমুৱে কাচৰ পাত্ৰৰ ঔজ্জ্বল্য বঢ়ায়৷ নেমুৱে এইধৰণৰ পাত্ৰত থকা এচিড আঁতৰ কৰি পৰিষ্কাৰ তথা স্বচ্ছ কৰি তোলে৷ ইয়াৰ বাবে কুহুমীয়া পানীত দুটামান নেমুৰ ৰস চেকি মিহলাই লওক৷ ইয়াৰ পাছত কাচৰ সামগ্ৰীসমূহ এই পানীত তিয়াই থওক৷ তাৰ পাছত বাচনসমূহ ইয়াৰ পৰা উঠাই আনি পৰিষ্কাৰ পানীৰে ধুই দিব৷ একেবাৰে নতুন যেন লগা হয়৷
বেকিং ছ’ডা কাচৰ বাচন চাফা কৰাৰ বাবে বেছ কাৰ্যকৰী৷ কুহুমীয়া পানীত বেকিং ছ’ডা মিহলাই লওক৷ এই পানীখিনিত মলিয়ন তথা দাগ লগা কাচৰ পাত্ৰসমূহ ভিজাই ৰাখিব৷ এইদৰে ভিজাই ৰখাৰ পাছত পৰিষ্কাৰ পানীৰে বাচনখিনি ধুই পেলাওক৷ দেখিব বাচনখিনিৰ আগৰ উজ্জ্বলতা ঘূৰি আহিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here