কল খালে কি ঠাণ্ডা লাগে নেকি ? জানক বিস্তাৰিতভাৱে

0
29

ঋতু পৰিৱৰ্তন তথা বতৰভেদে আমাৰ কিছুমান খাদ্য গ্ৰহণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কথা চলি আহিছে৷ গ্ৰীষ্মকালত এই খাদ্য নাখায় বা শীতকালত এইবিধ খাদ্য খালে অসুবিধা হয় ইত্যাদি৷ যিবোৰৰ কিছুমানৰ বৈজ্ঞানিক ভিত্তি আছে আৰু কিছুমানৰ ক্ষেত্ৰত একেবাৰে অবাস্তৱ৷ তেনে এটা ধাৰণা হ’ল শীতকালত কল খোৱাৰ প্ৰসংগ৷ বহুতেই ধাৰণা কৰে যে শীতকালত কল খালে ঠাণ্ডা লগা, চৰ্দি, কাহ আদি হ’ব পাৰে৷ সেয়ে এই বিষয়ে কিছু কথা জনাব বিচৰা হৈছে৷ প্ৰথমতেই এই বিষয়ে পৰিষ্কাৰ হোৱাৰ প্ৰয়োজন যে কল কোনো ভাইৰাছ বা বেক্টেৰিয়া নহয় যে চৰ্দি, কাহৰ দৰে সংক্ৰমণ হ’ব৷ কল হৈছে এবিধ হিষ্টামিনযুক্ত খাদ্য, যিয়ে মিউকাছ বা শে¡ষ্মা বেছি প্ৰস্তুত কৰিব পাৰে৷ ইয়াৰ বাবে যিসকলৰ এলাৰ্জিৰ সমস্যা আছে, যেনে– এজমা, নাকেৰে পানী ওলোৱা, হাঁচিৰ সমস্যা আদি, তেওঁলোকৰ ক্ষেত্ৰত কল খালে কেতিয়াবা সমস্যা হ’ব পাৰে৷ ইয়াৰ উপৰি যিসকলে চৰ্দি বা কাহত ইতিমধ্যে ভুগি আছে, তেনে ব্যক্তিয়ে সেই সময়খিনিত কল পৰিহাৰ কৰাটো ভাল৷ আমি জানো যে শৰীৰৰ পুষ্টিৰ কাৰণে কল খুবেই উপকাৰী এবিধ ফল৷ পকা কলত পটাচিয়াম, কেলচিয়াম, মেংগানিজ, আইৰন, ফোলেট, নিয়াচিম, ৰিবোফ্লাভিন, ভিটামিন-বি আদি উপাদান প্ৰচুৰ পৰিমাণে পোৱা যায়৷ এইবোৰ উপাদান শৰীৰক কৰ্মক্ষম আৰু সুস্থ ৰখাৰ বাবে খুবেই প্ৰয়োজনীয়৷ এই উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে৷ কলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থকা বাবে হজম শক্তি উন্নত কৰে, বিশেষকৈ শীতকালত যেতিয়া শাৰীৰিক পৰিশ্ৰম কম হয়৷ কলে আমাৰ মস্তিষ্কত ছেৰোটনিন উৎপাদন কৰাত সহায় কৰে, যি আমাৰ মস্তিষ্কক সজাগ ৰখাত সহায় কৰে৷ কলত প্ৰচুৰ পৰিমাণে পটাচিয়াম থাকে৷ সেয়ে যিসকলৰ ক্ৰনিক কিডনী ডিজিজ আছে, তেওঁলোকে কল খোৱাৰ ক্ষেত্ৰত সীমাবদ্ধতা থকা উচিত৷ ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত পৰিমিত মাত্ৰাত কল খালে কোনো অসুবিধা নহয়৷ আনহাতে ৰাতি কল নোখোৱাই ভাল, কিয়নো কল এবিধ গধুৰ খাদ্য তথা পৰিপাক হ’বলৈ দীৰ্ঘ সময়ৰ প্ৰয়োজন হয়৷ ইয়াৰ উপৰি কিছুমান আমিষজাতীয় খাদ্যৰ সৈতে কল খালে বিভিন্ন সময়ত পেটত গেছৰ সৃষ্টি হ’ব পাৰে৷ অতিৰিক্ত পকা কলে প্ৰ’টিনৰ গঠন পৰিৱৰ্তন হৈ যাব পাৰে. যিয়ে বেছি মাত্ৰাত এলাৰ্জিৰ কাৰণ হ’ব পাৰে৷ সেয়ে শীতকাল বুলি কোনো কথা নাই, কিন্তু সঠিক মাত্ৰাত এই ফলবিধ খালে শৰীৰৰ বিভিন্ন উপকাৰ পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here