কলেৰা ৰোগ কেনেকৈ নিৰ্মূল কৰিব?

0
2640

সকলোৰে পৰিচিত মহামাৰী কলেৰা, ভিব্ৰিঅ’ কলেৰি নামৰ এবিধ বেক্টেৰিয়াৰ দ্বাৰা হয়৷ এই বেক্টেৰিয়াই মানুহৰ ক্ষুদ্ৰান্তত সংক্ৰমণ কৰে৷ কলেৰাৰ বীজাণু থকা খোৱাপানী আৰু খাদ্যৰ যোগেদি এই ৰোগ সহজে বিয়পে৷ সংক্ৰমিত ব্যক্তিৰ শৌচৰ পৰা বিয়পি সাধাৰণতে মহামাৰীৰ ৰূপ লয়৷ এই ৰোগৰ লক্ষণসমূহ এনেধৰণৰ– প্ৰথমে তীব্ৰ পেটৰ বিষ হয়৷ অত্যধিক মাত্ৰাত সঘনাই পনীয়া শৌচ হয়৷ বমি হয়, অতিপাত পিয়াহ লাগে৷ চকু সোমাই যায়৷ শৰীৰৰ অত্যন্ত দুৰ্বল হয়৷

(১) কলেৰা ৰোগৰ লক্ষণ দেখা দিয়াৰ লগে লগে গৰম পানীত অলপ নিমখ আৰু নেমুৰ ৰস মিহলি কৰি খালে এই ৰোগ ভাল হয়৷
(২) কেঁচা হালধিৰ ৰস খালে ৰোগীয়ে যথেষ্ট আৰাম পায়৷
(৩) কুমলীয়া আমৰ পাত খুন্দি গৰম পানীৰ লগত মিহলাই খালে বীজাণু নাশ হয়৷
(৪) তুলসীৰ পাত আৰু জালুক পিহি খাব লাগে৷
(৫) লং পিহি পানীৰ লগত মিশ্ৰণ কৰি খালে বমি কম হয়৷
(৬) নিমৰ পাত পিহি পানীৰ লগত মিহলাই খালে সুফল পোৱা যায়৷
(৭) পানী সদায় উতলাই গৰম কৰি খাব লাগে৷
(৮) দিনত কেইবাবাৰো আহাৰ গ্ৰহণৰ আগতে দুয়োখন হাত কাৰ্বলিক এচিড মিহেলাৱা পানীৰে ধুব লাগে৷
(৯) সকলো খোৱাবস্তু ভালদৰে সিজাই খাব লাগে৷
(১০) শৌচাগাৰ পৰিষ্কাৰকৈ ৰাখিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here