কলেষ্টৰেল নিয়ন্ত্ৰণৰ বাবে আটাৰ সৈতে মিহলাওক এইবিধ বস্তু

0
3

ৰুটী ভাৰতীয় খাদ্য সম্ভাৰত এবিধ গুৰুত্বপূৰ্ণ অংশ৷ দুপৰীয়া তথা ৰাতিৰ মুখ্য খাদ্য হিচাপে বহুতেই ৰুটী পচন্দ কৰে আৰু মুখ্য খাদ্য বুলি গ্ৰহণ কৰে৷ কিন্তু আপুনি জানেনে যে ৰুটীয়ে কলেষ্টৰেল নিয়ন্ত্ৰণত সহায় কৰে৷ হয় আপুনি ঠিকেই শুনিছে৷ কলেষ্টৰেল এবিধ মমৰ দৰে পদাৰ্থ, যি লিভাৰৰ দ্বাৰা উৎপাদিত হয়৷ আমাৰ শৰীৰত দুই ধৰণৰ কলেষ্টৰেল পোৱা যায়, এবিধ ভাল কলেষ্টৰেল আৰু আনবিধ বেয়া কলেষ্টৰেল৷ শৰীৰত বেয়া কলেষ্টৰেল বাঢ়িলে হাৰ্ট এটেক, ষ্ট্ৰ’ক আদিৰ দৰে মাৰাত্মক সমস্যাই দেখা দিব পাৰে৷ আমি খোৱা খাদ্যবোৰ কলেষ্টৰেল নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ আপুনিও যদি শৰীৰত বেয়া কলেষ্টৰেল কমাই ভাল কলেষ্টৰেলৰ পৰিমাণ বৃদ্ধি কৰিব বিচাৰে তেন্তে খাদ্য তালিকাত ৰুটী অন্তৰ্ভুক্ত কৰিব পাৰে৷ গমধানৰ পৰা উৎপন্ন হোৱা আটা স্বাস্থ্যৰ পক্ষে অতি উপকাৰী৷ গমত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়, যিয়ে তেজত কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত খুব সহায়ক৷ এই কাৰণে শৰীৰত বেয়া কলেষ্টৰেলৰ মাত্ৰা বঢ়াই নিদিয়ে৷ গমৰ আটাৰ দ্বাৰা তৈয়াৰী ৰুটীয়ে অকল কলেষ্টৰেলৰ মাত্ৰাই নিয়ন্ত্ৰণ নহয়, উচ্চ ৰক্তচাপৰ সমস্যাও সহজে সমাধান কৰিব পাৰে৷ গমৰ আটাৰ ৰুটী প্ৰস্তুত কৰোঁতে তাত মগু মিহলাই গৰম পানীৰে মথি লৈ বনাই খাব পাৰে৷ গমত মেংগানিজ, পটাচিয়াম, জিংক, আইৰন, ফচফৰাছ, কপাৰ, চেলেনিয়াম, ভিটামিন-এ আদিৰ দৰে বিভিন্ন উপাদান পোৱা যায়, যিবোৰে শৰীৰৰ বিভিন্ন সমস্যা সমাধান কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here