কলেষ্টৰেল যদি নিয়ন্ত্ৰণত নাথাকে, তেনেহ’লে তাৰ পৰা বিভিন্ন সমস্যা হ’ব পাৰে৷ মাত্ৰাতিৰিক্ত কলেষ্টৰেলে হাৰ্ট এটেকৰ কাৰণো হ’ব পাৰে৷ সেয়ে কলেষ্টৰেল নিয়ন্ত্ৰণত ৰাখিবলৈ বিভিন্ন সময়ত ৰোগীয়ে ঔষধ খাব লগা হয়৷ সম্প্ৰতি বিজ্ঞানীয়ে এবিধ নতুন ঔষধ আৱিষ্কাৰ কৰিছে, যাৰ নিয়মিত ব্যৱহাৰে কলেষ্টৰেল নিয়ন্ত্ৰণ ৰখা উপৰি হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্ট কমাই ৰাখে৷ ওবিছেট্ৰাপিব নামৰ নতুন ঔষধবিধ আৱিষ্কাৰ কৰিছে অষ্ট্ৰেলিয়াৰ মোনাচ ইউনিভাৰ্চিটিয়ে৷ সম্প্ৰতি ঔষধবিধ তৃতীয় পৰ্যায়ৰ ট্ৰায়ালত উল্লেখযোগ্য উন্নতি লক্ষ্য কৰিছে গৱেষকে৷ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জনোৱা মতে গড় বয়স ৬৫ বছৰ, এইধৰণৰ প্ৰায় আঢ়ৈ হাজাৰৰ ওপৰত ঔষধবিধ প্ৰয়োগ কৰা হৈছে৷ তেওঁলোকৰ প্ৰত্যেকৰে হৃদৰোগ আৰু উচ্চ কলেষ্টৰেল আছিল৷ তেওঁলোকৰ ভিতৰতে ভাগ কৰি এটা দলক ওবিচেট্ৰাপিব দিয়া হৈছিল আৰু আনটো দলক দিয়া হৈছিল প্লাচিবো৷ দেখা গৈছিল বাৰ সপ্তাহ যিসকলে নতুন ঔষধবিধ সেৱন কৰিছে, তেওঁলোকৰ ক্ষেত্ৰত এল ডি এল কলেষ্টৰেলৰ মাত্ৰা ৩২.৬ শতাংশ কমি গৈছে৷ ইয়াৰ লগতে লাইপোপ্ৰ’টিনৰ মাত্ৰাও ৩৩.৫ শতাংশ কমিছে৷ গত মাহত ব্ৰিটেইনৰ ইউৰোপিয়ান এথোৰোক্লেৰোছিছ ছ’চাইটি কংগ্ৰেছে গৱেষণালব্ধ ফলাফল প্ৰকাশ পাইছে৷ গৱেষকে জনাইছে যে হৃদৰোগৰ ক্ষেত্ৰত এই ঔষধবিধ অনাগত দিনত অত্যন্ত গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে৷ ঔষধবিধ সহজে ব্যৱহাৰ কৰিব পৰা যায় আৰু উপকাৰী৷ গৱেষকে জনোৱা মতে ৰোগীক দিনত মাত্ৰ এবাৰ ঔষধবিধ ব্যৱহাৰ কৰিব দিলেই সুফল পোৱা যাব৷