ক’লা, হালধীয়া, বাদামী কোনবিধ কিচমিচ ‘বেষ্ট’

0
51

বজাৰত বিভিন্ন প্ৰকাৰৰ কিচমিচ পোৱা যায়৷ সেউজীয়া, হালধীয়া, বাদামী, ক’লা আদি বিভিন্ন ৰঙৰ কিচমিচ সকলোতকৈ বেছি পৰিমাণে পোৱা যায়৷ ইয়াৰ মাজৰে সোণালী বা হালধীয়াৰ উপৰি ক’লা ৰঙৰ কিচমিচ খাবলৈ বেছি পচন্দ কৰে৷ কথা হ’ল এইধৰণৰ ভিন্ন ৰঙৰ কিচমিচৰ ভিতৰত কোনবিধ বেছি পুষ্টিগুণেৰে ভৰা তথা কোনবিধ খোৱাৰ ফলত স্বাস্থ্য উপযোগী উপাদান বেছিকৈ পোৱা যায়৷ কিচমিচ নিয়মিতভাৱে খোৱাৰ অভ্যাস বহুতৰে আছে৷ বিভিন্ন স্বাস্থ্যকৰ গুণেৰে পৰিপূৰ্ণ এইবিধ ড্ৰাই ফ্ৰুইটছ৷ কিচমিচ খালে শৰীৰত আইৰনৰ মাত্ৰা বৃদ্ধি হয়, হজম শক্তি উন্নত হয় তথা হাড় মজবুত আৰু শক্তিশালী কৰি ৰাখিবলৈ কিচমিচ খালে সুফল পোৱা যায়৷ কিচমিচ সাধাৰণতে আঙুৰৰ শুকান সংস্কৰণ হিচাপে বিবেচনা কৰা হয়৷ বিভিন্ন পুষ্টিগুণ সমৃদ্ধ কিচমিচত ফাইবাৰ, ভিটামিন তথা খনিজৰে পৰিপূৰ্ণ এবিধ ড্ৰাই ফ্ৰুইটছ৷ এতিয়া মূল কথটো হ’ল যে কোনবিধ ৰঙৰ কিচমিচত বেছি পুষ্টিগুণ থাকে৷ সোণালী কিচমিচ, যাক চুলতান নামেৰে পৰিচিত, সেউজীয়া আঙুৰৰ পৰা প্ৰস্তুত কৰা হয়৷ এইবিধ আঙুৰ ৰ’দ বা ডিহাইড্ৰেটাৰত শুকোৱা হয়৷ শুষ্ক কৰাৰ প্ৰক্ৰিয়াৰ সময়ত ইয়াক ছালফাৰ ডাই অক্সাইডত প্ৰছেছ কৰা হয়, যি প্ৰক্ৰিয়াই ইয়াৰ ৰং তথা গোন্ধ সংৰক্ষণ কৰাত সহায় কৰে৷ সোণালী কিচমিচ ক’লা কিচমিচতকৈ বেছি মিঠা তথা সোৱাদৰ৷ আনহাতে ক’লা কিচমিচ ৰঙা বা ক’লা আঙুৰৰ পৰা প্ৰস্তুত কৰা হয়৷ এইবিধ আঙুৰ ছালফাৰ ডাই অক্সাইড যুক্ত কৰি তৈয়াৰ কৰা নহয়৷ ইয়াৰ সোণালী কিচমিচতকৈও গাঢ় ৰং তথা শক্তিশালী গোন্ধবিশিষ্ট৷ জানিব পৰা মতে সোণালী বা ক’লা কিচমিচ উভয়ে পুষ্টিকৰ তথা উভয় কিচমিচতে অবিশ্বাস্য স্বাস্থ্য উপকাৰিতা আছে৷ অৱশ্যে ক’লা কিচমিচত সোণালী কিচমিচতকৈ বেছি ফাইবাৰ আৰু আইৰন পোৱা যায়৷ পুষ্টিবিদে কোৱা মতে ক’লা কিচমিচ উচ্চ ৰক্তচাপ কমোৱাত, ৰক্তাল্পতা দূৰ কৰাত, তথা অন্যান্য বিভিন্ন স্বাস্থ্যৰ উপকাৰ সাধন কৰে৷ হজম বা ফাইবাৰ তথা সুস্থ ৰক্তকণিকাৰ বাবে শৰীৰক আইৰনৰ প্ৰয়োজন৷ সেয়ে ক’লা কিচমিচ ইয়াৰ বাবে অত্যন্ত উপকাৰী৷ আনহাতে শৰীৰৰ ওজন কমাবলৈ ক’লা কিচমিচ অত্যন্ত কাৰ্যকৰী৷ সোণালী কিচমিচত ক’লা কিচমিচৰ তুলনাত সামান্য বেছি পৰিমাণে চেনি বা ভিটামিন-চি থাকে৷ ভিটামিন-চিয়ে ইমিউন ছিষ্টেমৰ কাৰ্যকাৰিতা বঢ়াই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে৷ মনত ৰখা ভাল যে কিচমিচে মানুহক ভিতৰৰ পৰাই সুস্থ ৰখাত গুৰুত্বপূৰ্ণ তথা কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here