ক’লা ওঁঠৰ পৰা সমাধান পাবলৈ ঘৰুৱা এই উপায়

0
52

সকলোৱে নিজৰ মুখখনৰ সৌন্দৰ্যৰ ক্ষেত্ৰত সচেতন হয়৷ কিন্তু কিছুমান কাৰণত ওঁঠৰ ক’লা ৰঙে আপোনাৰ সৌন্দৰ্যত আঘাত হানিব পাৰে৷ যদিও আপুনি লিফষ্টিক বা লিফবাম ব্যৱহাৰ কৰিও ক’লা ওঁঠ লুকুৱাব পাৰে. কিন্তু প্ৰাকৃতিকভাৱে ইয়াক ঠিক কৰাটো জৰুৰী৷ কাৰণ আপুনিতো সদায় লিফষ্টিক লগাই নাথাকে৷ কিমানদিন আৰু আপুনি লিফষ্টিকেৰে ক’লা ওঁঠ লুকুৱাই ৰাখিব৷ সেই কাৰণে কিছুমান ঘৰুৱা তথা প্ৰাকৃতিক উপায় অৱলম্বন কৰি ক’লা ওঁঠৰ সমস্যা দূৰ কৰা উচিত৷
দৈনিক ৰাতি শোৱাৰ আগতে আঙুলিত কেইটোপালমান বাদাম তেল লৈ লাহে লাহে ওঁঠ দুটাত মালিচ কৰক আৰু গোটেই ৰাতিটো লগাই থৈ দিয়ক৷ বাদাম তেলে ব্লিটচিং এজেণ্টৰ কাম কৰে৷ ইয়াৰ ফলত আপোনাৰ ওঁঠ মসৃণ হোৱাৰ লগতে ক’লা পৰাও নাইকিয়া হ’ব৷
এচামুচ চেনি অলপ নেমুৰ ৰস মিহলাই তিনি-চাৰি মিনিটলৈ ওঁঠৰ স্ক্ৰাব কৰক৷ স্ক্ৰাব কৰিলে আপোনাৰ ওঁঠৰ মৃত কোষসমূহ পৰিষ্কাৰ হৈ ডাৰ্ক স্পট কম কৰাত সহায়ক হয়৷
নেমুৰ ৰসৰ লগত অলপ মৌ মিহলাই ১০ মিনিটলৈ ওঁঠত মালিচ কৰক৷ নেমু আৰু মৌত এণ্টিছেপটিক আৰু ব্লিটচিং এজেণ্ট পোৱা যায়৷ ই আপোনাৰ ওঁঠক সুৰক্ষা প্ৰদান কৰাৰ লগতে অতি সহজে ওঁঠ ক’লা পৰা নাইকিয়া কৰিব পাৰে৷
তিয়ঁহৰ ৰস উলিয়াই ১০-১৫ মিনিট ওঁঠত লগাই ৰাখক৷ ইয়াৰ পাছত পানীৰে ওঁঠযুৰি ধুই দিয়ক৷ তিয়ঁহত ব্লিটচিং আৰু হাইড্ৰেটিং গুণ থাকে, যাৰ ফলত ক’লা দাগ সহজে নাইকিয়া হোৱাৰ লগতে ওঁঠ মসৃণ হোৱাটো সহায়ক হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here