কলকাতাত কভেক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা

0
2611


ভাৰত বায়’টেকে উদ্ভাৱন কৰা কভেক্সিন নামৰ কভিড-১৯ৰ ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা কালি কলকাতাত আৰম্ভ হয়৷ পশ্চিম বংগৰ ৰাজ্যপাল জগদীশ ধনগৰে কলকাতাৰ আই চি এম আৰ এন আই চি ই ডিত কভেক্সিনৰ তৃতীয় পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষা উদ্বোধন কৰে আৰু কভিড-১৯ মহামাৰী কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰাত দেশখনৰ নেতৃত্বক প্ৰশংসা কৰে৷ ৰাজ্যপালজনে কয় যে থলুৱাভাৱে উদ্ভাৱন কৰা কৰ’না ভাইৰাছৰ ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে বাছনি কৰা দেশৰ ২৪টা কেন্দ্ৰৰ ভিতৰত নেশ্যনেল ইন্‌ষ্টিটিউট অব্‌ কলেৰা এণ্ড এণ্টেৰিক ডিজিজেজ, চমুকৈ এন আই চি ই ডি অন্যতম৷ তেওঁ আশা প্ৰকাশ কৰে যে কলকাতাক এই ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ প্ৰথমজন স্বেচ্ছাসেৱক আগবাঢ়ি আহিছে ৰাজ্যখনৰ মন্ত্ৰী ফিৰগাড হাকিম৷ কলকাতাক তৃতীয় পৰ্যায়ৰ পৰীক্ষাত কমেও এহেজাৰজন স্বেচ্ছাসেৱকক এই ভেকচিন দিয়া হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here