মানৱ জীৱনৰ খোৱা-শোৱাৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট সময় থাকে৷ শৰীৰ সুস্থ তথা নিৰোগী হৈ থাকিবলৈ আমি দৈনিক কিমান পৰিমাণৰ খাদ্য খাব লাগে তাক জনাটো খুবেই প্ৰয়োজনীয়৷ একেদৰে এজন সুস্থ মানুহে এদিনত কিমান ঘণ্টা শুলে শৰীৰ নিৰোগী হৈ থাকে, সেই বিষয়েও জনা আৱশ্যক৷ ইয়াৰ অন্যথা বিভিন্ন ৰোগে দেহটোৰ আক্ৰমণ কৰিব পাৰে৷ কিছুমান মানুহৰ ক্ষেত্ৰত দেখা যায় তেওঁ দিনটোৰ ভিতৰত খুব বেছি দুই-তিনি ঘণ্টা টোপনি মাৰে, বিপৰীতে এনে মানুহো আছে, যি দিনটোৰ সৰহভাগ সময় শুই-বহিয়েই সময় কটায়৷ দুয়োটা ক্ষেত্ৰতে শৰীৰৰ ক্ষতি হয় যদিও কম সময় টোপনি মৰাতকৈ অবাবত বেছি সময় টোপনি মৰা অতি বিপজ্জনক বুলি প্ৰকাশ পাইছে শেহতীয়া এক গৱেষণাত৷
বিশেষজ্ঞই মত প্ৰকাশ কৰিছে যে অত্যধিক টোপনি মৰাৰ ফলত ডায়েবেটিছ, হাৰ্ট জটিল সমস্যা হোৱাৰ সম্ভাৱনা থাকে৷ আনকি এই সমস্যাই গুৰুতৰ ৰূপ লৈ মৃত্যুপৰ্যন্ত হোৱাৰ আশংকা থাকে৷ গৱেষণাত পোৱা মতে কম টোপনি মৰাৰ ফলত কৰ্মদক্ষতা হ্ৰাস পোৱাৰ লগতে অৱসাদে দূৰ নহৈ আগুৰিহে ধৰে৷ সেয়ে শৰীৰৰ সুস্থ থকাৰ বাবে পৰিমিত টোপনিৰ কোনো বিকল্প নাই৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এৰ গৱেষণাৰ পৰা জানিব পৰা গৈছে যে অধিক সময়ধৰি টোপনি মৰা বা কম সময় টোপনি মৰা দুয়োটাৰ ফলত শৰীৰত হৃদৰোগ, স্থূলতা, মানসিক উদ্বেগ, দুশ্চিন্তা আদি বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ ইয়াৰ উপৰি ৰক্তচাপ, ডায়েবেটিছ আদিৰ আশংকাও বাঢ়ি যায়৷ কাৰ্ডিঅ’ভাস্কুলাৰ ডিজিজ আৰু ওৱেছিটি দেখা দিয়াৰ পূৰ্ণ সম্ভাৱনা থাকে যদি টোপনি মৰাৰ নিয়মত সলনি হয়৷ ইয়াৰ মাজতে ল’ৰা বা ছোৱালীৰ শোৱাৰ ধৰণ বা সময় একেবাৰে পৃথক৷ বিশেষজ্ঞই কোৱা মতে সকলোতকৈ ডাঙৰ পাৰ্থক্যটো হ’ল টোপনি অহাৰ সময়৷ অৰ্থাৎ গোটেই দিনটো নানাধৰণৰ ঘৰুৱা কামত ব্যস্ত থকাৰ পাছত অতি ভাগৰুৱা হৈ শুবলৈ যোৱাৰ সময়ত চকুত টোপনি আহিবই যে তাৰ কোনো নিশ্চয়তা নাথাকে৷ মানসিক অৱসাদ থকা ব্যক্তিৰ বহুতেই বেছি সময় শোৱে৷ কিন্তু অধিক সময় শোৱাৰ ফলত কমকছাৰি বেছিকৈয়ে মানসিক চাপ বাঢ়ে৷ মুঠতে সকলোখিনি মিলি খুব কম সময় বা অতি বেছি সময় টোপনি মাৰিলে মগজুৰ কাম কৰাৰ ক্ষমতা হ্ৰাস পায়৷ অৰ্থাৎ টোপনিৰ খেলিমেলি হ’লে আমাৰ বিভিন্ন শাৰীৰিক সমস্যাই গা কৰি উঠে৷