কম বয়সতে কেঞ্চাৰৰ প্ৰাদুৰ্ভাৱ : কাৰণ জানিলে শিয়ৰি উঠিব

0
16

প্ৰতিদিনে কম বয়সীয়া মানুহৰ মাজত কেঞ্চাৰৰ প্ৰৱণতা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ লৈছে৷ এই সংখ্যা পুৰুষৰ তুলনাত মহিলাসকলৰ মাজত আৰু বেছি৷ আমেৰিকান কেঞ্চাৰ ছ’চাইটিয়ে এই তথ্য সদৰী কৰিছে৷ সংস্থাটোৱে এই ভয়ংকৰ তথ্য সদৰী কৰি কয় যে বুকু, পাকস্থলী, গোপন অংগৰ কেঞ্চাৰৰ হাৰ সকলোতকৈ বেছি৷ ইয়াৰ লগতে কয় যে যদিও কেঞ্চাৰৰ প্ৰভাৱ যিকোনো বয়সৰ লোকৰ মাজতে দেখা যায়, তথাপি বৰ্তমান কম বয়সীয়া লোকৰ মাজত এই প্ৰৱণতা আটাইতকৈ বেছি৷ কেঞ্চাৰৰ পাছতে জিনগত বিষয়ো সৰ্বাধিক বেছি হিচাপে দেখা গৈছে৷ চিকিৎসকে জনোৱা অনুসৰি যদি হঠাতে শৰীৰৰ ওজন বাঢ়িবলৈ ধৰে, তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ কিয়নো ইয়াৰ পৰাই আৰম্ভণি হ’ব পাৰে কেঞ্চাৰৰ৷ মোটামুটি ১৩ বিভিন্ন প্ৰকাৰৰ কেঞ্চাৰৰ সৃষ্টি হ’ব পাৰে ইয়াৰ পৰাই৷ ইয়াৰ ভিতৰত আছে ব্ৰেষ্ট কেঞ্চাৰ, কোলন কেঞ্চাৰ, গলব্লাডাৰ কেঞ্চাৰ, লিভাৰ কেঞ্চাৰ আদি৷ সমগ্ৰ বিশ্বতে এইধৰণৰ কেঞ্চাৰত বৰ্তমান সময়ত ৪০ শতাংশ লোক আক্ৰান্ত হৈছে৷ এই কম বয়সতে কেঞ্চাৰৰ ভোগাৰ প্ৰধান কাৰণ মাদকদ্ৰব্যৰ অবাধ ব্যৱহাৰৰ ফলতে বুলি কোৱা হৈছে৷ সকলো ধৰণৰ মাদকদ্ৰব্যই কেঞ্চাৰৰ সৃষ্টি কৰিব পাৰে৷ সাত প্ৰকাৰৰ কেঞ্চাৰৰ সৃষ্টি কৰিব পাৰে মদ বা নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত৷ মদৰ প্ৰতি আকৃষ্ট লোকৰ ক্ষেত্ৰত শৰীৰত ৯০ শতাংশ কেঞ্চাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে৷ ইয়াৰ লগতে অত্যধিক ভজা-পোৰা, মছলাজাতীয় খাদ্য বেছিকৈ খোৱাৰ ফলতো কেঞ্চাৰত আক্ৰান্ত হ’ব পাৰে৷ সেয়ে অত্যধিক পৰিমাণে ফাইবাৰ জাতীয় খাদ্য খোৱা উচিত৷ ইয়াৰ লগতে প্ৰখৰ সূৰ্যৰ ৰশ্মিৰ পৰা ছালখনক বচাই ৰখাটো অতি আৱশ্যক৷ নহ’লে সূৰ্যৰ পৰা পোৱা অতিবেঙুনীয়া ৰশ্মিয়ে ছালৰ কেঞ্চাৰৰ প্ৰধান কাৰক হ’ব পাৰে৷ দৈনিক খাদ্য তালিকাত পৰ্যাপ্ত পৰিমাণে দেহৰ বাবে প্ৰয়োজনীয় খাদ্য গ্ৰহণ কৰাটো শৰীৰৰ বাবে নিতান্তই আৱশ্যক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here