কমি গৈছে অক্সিজেন : বিপৰ্যয়ৰ দিশত পৃথিৱীবাসী

0
26

জুইৰ দাবানল তথা বনজুইৰ প্ৰভাৱত এক চৰম সংকটত ভুগিছে লছ এঞ্জেলছ চহৰ৷ ইয়াৰ ফলত নতুন বিপদৰ বাৰ্তা দিছে ইয়াৰ পৰিৱেশ দপ্তৰ৷ এইধৰণৰ দাবানলৰ ফত বিশ্বত যি হাৰত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়িবলৈ লৈছে, এই হাৰে নতুনকৈ সমস্যাৰ সৃষ্টি কৰিব৷ এইধৰণৰ প্ৰভাৱৰ ফলত বঢ়া কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণে বিজ্ঞানী মহলক চিন্তান্বিত কৰিছে৷ হাৱাই দ্বীপপুঞ্জৰ য’ত কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা আছিল ৩.৬, সেই পৰিমাণ একেকোবে বৃদ্ধি পায় হয়গৈ ৪২৭ পিপিএম৷ যাৰ ফলত মানৱ সমাজলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ ইয়াৰ সমান্তৰালভাৱে এন নিনোৱে পৰিৱেশটোক আৰু দুৰ্বিষহ কৰি তুলিছে৷ গতিকে গৰমৰ প্ৰকোপ অভাৱনীয়ভৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ পৰিণামস্বৰূপে ২০২৪ চনটোত সমগ্ৰ বিশ্বত গৰমে নতুন ৰেকৰ্ড সৃষ্টি কৰিছে৷ এইধৰণৰ পৰিৱৰ্তনে পৃথিৱীত প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, ভূমিস্খলন, ছুনামী আদিৰ সৃষ্টিত অৰিহণা যোগাইছে৷ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টানিঅ’ গুটাৰেজে ই্‌তিমধ্যে এই বিষয়টোক লৈ বিশ্বৰ শক্তিধৰ দেশবোৰৰ লগত যোগাযোগ কৰি আলোচনাৰ দিহা কৰিছে৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এগৰাকী পৰিৱেশবিদে জানিবলৈ দিছে যে বৰ্তমান পেৰিছ সন্মিলনে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সম্পৰ্কে নিজৰ অভিমত ব্যক্ত কৰিছে৷ পৃথিৱীত যিদৰে কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি আছে, এনে বৃদ্ধিয়ে পৃথিৱীৰ বাবে নতুন বিপদৰ আশংকাই দেখা দিছে৷ আনহাতে এন নিনোৰ প্ৰভাৱত বিশ্বৰ তাপমাত্ৰা এনেদৰে বৃদ্ধি পোৱাৰ ফলত অক্সিজেনৰ মাত্ৰা কমি গৈ পৃথিৱীবাসীৰ বাবে অক্সিজেনৰ অভাৱ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে৷ আনহাতে প্ৰতিদিনে ব্যাপক হাৰত গছ কটাৰ ফলত বিশ্বত গছৰ সংখ্যা দিনক দিনে কমি গৈ আছে৷ ইয়াৰ মাজতে যদি এইধৰণৰ দাবানল সৃষ্টি হয়, তেনেহ’লে ইয়াৰ চাপ পৃথিৱীত ওপৰত পৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here