কভিশ্বিল্ড ভেকচিন গ্ৰহণত শিথিলতা

0
1313
বিদেশ ভ্ৰমণ কৰিব খোজাসকলে কভিশ্বিল্ডৰ দ্বিতীয়টো ড’জ ল’ব পাৰিব– এই কথা জনাইছে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় চৰকাৰে নিয়োগৰ সুবিধা, শিক্ষামূলক উদ্দেশ্যত বিদেশ ভ্ৰমণ কৰিবলৈ বিচৰা লোকসকলৰ লগতে টকিঅ’ অলিম্পিকত ভাগ ল’বলৈ যাবলগা ভাৰতীয় দলৰ সদস্যসকলৰ  বাবে কভিশ্বিল্ডৰ দ্বিতীয়টো ড’জ লোৱাৰ নিয়মৰ সালসলনি কৰিছে। ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা পত্ৰত কোৱা হৈছে যে এনে লোকসকলে পূৰ্বে নিৰ্ধাৰণ কৰা ৮৪ দিনৰ আগতে দ্বিতীয়টো ড’জ ল’ব পাৰিব৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে পূৰ্বতে জাৰি কৰা নিয়ম অনুসৰি কভিশ্বিল্ডৰ প্ৰথমটো ড’জ লোৱাৰ ৮৪ দিনৰ পাছতহে দ্বিতীয়টো ড’জ ল’ব পাৰে৷ নতুন নিয়মৰ অধীনত উক্ত লোকসকলে প্ৰথমটো ড’জ লোৱাৰ ২৮ দিনৰ পাছতহে দ্বিতীয়টো ড’জ ল’ব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here