কভিড-১৯ ৰ সম্ভাৱ্য উৎপত্তিৰ সন্দৰ্ভৰ প্ৰতিবেদনত ১৪খন দেশৰ আপত্তি

0
1234

কভিড-১৯ মহামাৰীৰ সম্ভাব্য উৎপত্তি স্থলৰ বিষয়ে চীনৰ বিশেষজ্ঞসকলৰ সৈতে অধ্যয়ন চলোৱা বিশ্ব স্বাস্থ্য সংগঠনৰ এটা আন্তঃৰাষ্ট্ৰীয় দলে দাখিল কৰা আৰু আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা প্ৰতিবেদনখনত ১৪খনৰো অধিক দেশে আপত্তি দৰ্শাইছে আৰু উদ্বেগ প্ৰকাশ কৰিছে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে বাদুলীৰ পৰা আন জীৱ-জন্তুৰ মাধ্যমেৰে কৰ’না ভাইৰাছ মানুহলৈ সংক্ৰমিত হোৱাৰ সম্ভাৱনাই বেছি৷ লেবৰটৰীৰ পৰা লীক্‌ হোৱাৰ সম্ভাৱনা একেবাৰে নাই৷ প্ৰতিবেদনখন ৰাজহুৱা হোৱাৰ পাছতে আমেৰিকাকে ধৰি ১৪খন দেশে অধ্যয়নটোৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰে আৰু পলম হোৱা আৰু নমুনা আৰু তথ্য-পাতিৰ অভাৱলৈ আঙুলিয়াই দিয়ে৷ উল্লেখ্য যে চীনৰ উহানৰ এটা গৱেষণাগাৰৰ পৰা কৰ’না ভাইৰাছ লীক্‌ হৈছিল আৰু তাৰ পাছত উহানৰ মাছ-মাংসৰ বজাৰৰ পৰা মানুহলৈ সংক্ৰমিত হৈছিল বুলি বহু দেশে সন্দেহ প্ৰকাশ কৰিছিল আৰু কথাটো লুকুওৱা বুলি চীনক দোষাৰোপ কৰিছিল৷ কিন্তু চীনে আৰম্ভণিৰ পৰাই সেই অভিযোগ অস্বীকাৰ কৰি আহিছে৷ মন কৰিবলগীয়া যে এবছৰতকৈও বেছি কালৰ আগতে প্ৰাদুৰ্ভাৱ হোৱা কভিড-১৯ মহামাৰীত এইপৰ্যন্ত বিশ্বৰ ২৮ লাখ লোকৰ মৃত্যু হৈছে লগতে দেশসমূহৰ অৰ্থনীতি বিধবস্ত হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here