ক’ভিড-১৯-এ ভাৰতীয়ৰহাঁওফাঁও দুৰ্বল কৰিলে নেকি?

0
1042


কৰ’না ভাইৰাছে ভাৰতীয় লোকসকলৰ হাঁওফাঁও যথেষ্ট দুৰ্বল কৰিলে৷ ভেল্লোৰৰ খ্ৰীষ্টিয়ান মেডিকেল কলেজে কৰা এটা অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷ চিকিৎসা মহাবিদ্যালয়খনৰ গৱেষকৰ দল এটাই কৰা এই অধ্যয়নটোৰ পৰা জানিব পৰা অনুসৰি কভিড-১৯ৰ সংক্ৰমণৰ ফলত ইউৰোপ আৰু চীনৰ তুলনাত ভাৰতীয় লোকসকলৰ হাঁওফাঁওৰ অধিক ক্ষতি কৰিলে৷ ইয়াৰ লগতে এই বুলিও কোৱা হৈছে যে একাংশ লোকৰ হাঁওফাঁও এবছৰৰ ভিতৰত সুস্থ হৈ উঠিব পাৰে, কিন্তু কিছুমান লোকৰ সমগ্ৰ জীৱনটো হাঁওফাঁও দুৰ্বল হৈয়ে থাকিব৷ এই অধ্যয়নটোত ২০৭জন লোকৰ হাঁওফাঁও পৰীক্ষা কৰা হৈছিল৷ এই লোকসকল সাধাৰণ, মধ্যমীয়া আৰু গুৰুতৰভাৱে কৰ’নাত আক্ৰান্ত হৈছিল৷ তেওঁলোকৰ হাঁওফাঁওৰ পূৰ্ণ পৰ্যায়ৰ পৰীক্ষা কৰা হৈছিল৷ ইয়াৰ ভিতৰত খোজকঢ়া, তেজ পৰীক্ষাৰ লগতে স্বাস্থ্য পৰীক্ষাও আছে৷ গৱেষকসকলৰ দলটোৱে হাঁওফাঁওৰ আটাইতকৈ স্পৰ্শকাতৰ পৰীক্ষা কৰিছিল৷ ইয়াৰ জৰিয়তে হাঁওফাঁৱে বায়ুৰ পৰা অক্সিজেন গ্ৰহণ কৰাৰ ক্ষমতা জোখা হৈছিল৷ এই পৰীক্ষাৰ পৰা জানিব পৰা মতে, ৪৪ শতাংশ লোকৰ হাঁওফাঁওৰ ক্ষতি হয়৷ ৩৫ শতাংশ লোকৰ হাঁওফাঁওৰ কম ক্ষতি হৈছিল৷ ৩৫ শতাংশ লোকৰ হাঁওফাঁও সংকুচিত হৈ পৰে৷ ইয়াৰ ফলত বায়ু প্ৰৱেশ কৰাৰ সময়ত হাঁওফাঁও সম্পূৰ্ণৰূপে ফুলি নুঠে৷ ৮.৩% লোকৰ বায়ু প্ৰৱাহিত হোৱা পথ বন্ধ হৈ পৰে৷ ইয়াৰ ফলত হাঁওফাঁওলৈ বায়ুৰ অহা-যোৱাত বাধাৰ সৃষ্টি হৈছে৷ ইফালে, নেইনাৱতী হস্পিটেলৰ বিশেষজ্ঞ ডাঃ সলিল বেন্দ্ৰেই প্ৰকাশ কৰা অনুসৰি কৰ’নাৰ সংক্ৰমণ হোৱা একাংশ ৰোগী সংক্ৰমণ হোৱাৰ ৯-১০ দিনৰ পাছত চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল৷ তেওঁলোকক অক্সিজেন আৰু ষ্টেৰয়ড দিয়াৰ পাছত আৰোগ্য লাভ কৰে যদিও তেওঁলোকৰ হাঁওফাঁওত ফাইব্ৰছিছ [কঠিন] হৈছিল৷ ইয়াৰে ৯৫ শতাংশ ৰোগীয়ে লাহে লাহে আৰোগ্য লাভ কৰে, কিন্তু ৪-৫ শতাংশ ৰোগীয়ে দীৰ্ঘ দিনলৈ উশাহ-নিশাহ লোৱাত অসুবিধা বোধ কৰি থাকিব

LEAVE A REPLY

Please enter your comment!
Please enter your name here