হেটেৰ’ নামৰ ফাৰ্মাচিউটিকেল কোম্পানীটোৱে জনাইছে যে কভিড-১৯ ৰোগগ্ৰস্ত, চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰাপ্তবয়স্কৰ চিকিৎসাৰ বাবে তেওঁলোকৰ ‘Tocilizumab’ক ভাৰতৰ ঔষধ মহানিয়ন্ত্ৰক চমুকৈ DCGI-এ জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন জনাইছে৷ হেটেৰ’ৰ বিবৃতিত কোৱা হৈছে যে প্ৰণালীগতভাৱে কৰ্টিকক্টেৰয়ড লোৱা আৰু যাক পৰিপূৰক অক্সিজেন, ভেণ্টিলেশ্যনৰ প্ৰয়োজন সেইসকল প্ৰাপ্তবয়স্কৰ বাবে চিকিৎসকে এই ঔষধ ব্যৱহাৰ কৰিব পাৰিব৷ ৰ’চ কোম্পানীৰ একটেমেৰাযৰ’একটেমেৰাৰ বায়’ছিমিলাৰ সংস্কৰণ Tocilizumab ছেপ্টেম্বৰৰ শেষলৈ বজাৰত উপলব্ধ হ’ব৷ হেটেৰ’ৰ সহযোগী কোম্পানী হেটেৰ’ হেল্থকেয়াৰে ‘টচিবা’ ব্ৰেণ্ডনেমেৰে বজাৰত এই ঔষধ বিপণন কৰিব৷