কভিড ভেক্‌চিনৰ ড’জ ক্ৰয়ৰ শীৰ্ষত কোন?

0
2114

বিশ্বৰ ভিতৰতে ভাৰতে সৰ্বাধিক পৰিমাণৰ কভিড ভেক্‌চিন আগতীয়াকৈ কিনিছে৷ ভাৰতে ১৬০ কোটি ড’জ কিনিছে যদিও ইয়াৰে মাত্ৰ ৫৯ শতাংশ জনসংখ্যাকহে জুৰিব৷ আমেৰিকাৰ ডিউক ইউনিভাৰ্ছিটিয়ে চলোৱা এটা অধ্যয়নৰ পৰা দেখা গৈছে যে ভেক্‌চিন ক্ৰয়ৰ ক্ষেত্ৰত ধনী আৰু উন্নয়নশীল দেশসমূহে তেওঁলোকৰ গোটেই জনসংখ্যাক কেইবাবাৰো সামৰিব পৰাকৈ যিমান পাৰে সিমান ভেক্‌চিন কিনিছে৷ মধ্য আৰু নিম্ন আয়ৰ দেশসমূহে প্ৰত্যেককে দিব পৰাকৈ ভেক্‌চিন কিনিব পৰা নাই৷ তথ্যৰ পৰা দেখা গৈছে যে কভিডৰ ভেক্‌চিন বজাৰত ওলোৱাৰ লগে লগে মধ্যমীয়া আয়ৰ দেশসমূহৰ বাবে যথেষ্ট নাথাকিব৷ ড’জৰ ক্ষেত্ৰত শীৰ্ষত আছে ভাৰত৷ ভাৰতে ১৬০ কোটি ড’জ কিনিছে৷ তাৰ পাছতে ইউৰোপিয়ান ইউনিয়নে এইপৰ্যন্ত ছটা প্ৰতিষ্ঠানৰ পৰা কিনিছে ১৩৬ কোটি ড’জ৷ আমেৰিকাই কিনিছে মুঠ ১১০ কোটি ড’জ৷ কিন্তু জনসংখ্যাৰ হিচাপত আটাইতকৈ বেছি ভেক্‌চিন কিনিছে কানাডাই৷ দেশখনে জনসংখ্যাৰ পাঁচগুণ বেছি ভেক্‌চিন কিনিছে৷ আনহাতে ফিলিপাইনে মাত্ৰ এক শতাংশ জনসংখ্যাৰ বাবেহে ভেক্‌চিন কিনিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here