কভিড প্ৰসংগ : কেন্দ্ৰক কঠোৰ ব্যৱস্থা ল’বলৈ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ

0
2317

নভেল কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰি যোৱা ২৭ নৱেম্বৰত উচ্ছতম ন্যায়ালয়ে কয় যে ইতিমধ্যে আৰোপ কৰা নিয়মবোৰ ভেকচিন এটা নুলিওৱালৈকে কঠোৰভাৱে মানি চলা উচিত৷ উচ্ছতম ন্যায়ালয়ে এইবুলি আহবান জনায় যে সকলোৱে মাস্ক পিন্ধা উচিত আৰু সামাজিক দূৰত্ব ৰক্ষাৰ নিয়ম মানি চলা উচিত৷ উচ্ছতম ন্যায়ালয়ে কয় যে চৰকাৰে কঠোৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজন আৰু সমগ্ৰ দেশতে নীতি-নিৰ্দেশনাবোৰ ৰূপায়ণ কৰা উচিত৷ ন্যায়াধীশ অশোক ভূষণক মুৰব্বী হিচাপে লৈ গঠিত এখন তিনিজনীয়া খণ্ড বিচাৰপীঠে কয় যে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কঠোৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজন আৰু ১ ডিচেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে৷ ন্যায়াধীশ আৰ এছ ৰেড্ডী আৰু এম আৰ শ্বাহ সদস্য হিচাপে থকা তিনিজনীয়া খণ্ড পীঠখনে কয় যে এই মহামাৰী প্ৰতিৰোধৰ বাবে অত্যন্ত কঠোৰ পদক্ষেপ গ্ৰহণৰ লগতে কৰ’না প্ৰতিৰোধী নীতি-নিৰ্দেশনাবোৰ সমগ্ৰ দেশতে যথাযথভাৱে কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰিব লাগিব৷ পীঠখনে লগতে কয় যে নীতি-নিৰ্দেশনাবোৰ কঠোৰভাৱে ৰূপায়ণ কৰাৰ এইটোৱেই উপযুক্ত সময়৷ কৰ’না সংক্ৰান্তত উচ্ছতম ন্যায়ালয়ে ৰাজ্যসমূহক ভৎৰ্সনা কৰে আৰু কয় যে মহামাৰীৰ সংকটৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোক যত্নপৰ হ’ব লাগিব আৰু ৰাজনীতিৰ ঊধবৰ্লৈ যাব লাগিব৷ পীঠখনে লগতে কয় যে নৱেম্বৰৰ পৰা কৰ’নাকেন্দ্ৰিক পৰিস্থিতিৰ অধিক অৱনতি ঘটা বুলি উল্লেখ কৰে আৰু এতিয়াই কোনোধৰণৰ কঠোৰ ব্যৱস্থা নল’লে কৰ’নাৰ বিৰুদ্ধে ইমানদিনে গ্ৰহণ কৰা সকলো পদক্ষেপ অৰ্থহীন হ’ব বুলিও লগতে উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here