ক’ভিডত আক্ৰান্তক অত্যধিকপৰিশ্ৰমৰ পৰা বিৰত থাকিবলৈ আহবান

0
418


ক’ভিড মহামাৰীয়ে সমগ্ৰ বিশ্বতে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ বিশ্বৰ জনতাই এক শংকাৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছিল৷ মানুহে ঘৰতে গৃহবন্দী জীৱন কটাবলগীয়া হৈছিল৷ ক’ভিডত সীমাহীন মানুহ আক্ৰান্ত হ’ল, অকালতে বহুতে প্ৰাণ ত্যাগ কৰিলে, বহু পৰিয়ালৰ মুৰব্বীজনক হেৰুৱাই অসহায় জীৱন কটাবলগীয়া হ’ল৷ দুবছৰজোৰা সন্ত্ৰাসৰ পাছত এক বিভীষিকাৰ অন্ত পৰিল যদিও ইয়াৰ পাশ্বৰ্ক্ৰিয়াত এতিয়াও বিদ্যমান৷ যিসকল লোকে ক’ভিডত আক্ৰান্ত হৈও জীৱন যুদ্ধত জয়ী হৈছে, তেনে লোকৰ ক্ষেত্ৰত কিছু সতৰ্কতা জাৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে৷ ক’ভিডত গুৰুতৰভাৱে আক্ৰান্তসকলে হাৰ্ট একেটৰ পৰা বাচি থাকিবলৈ অন্ততঃ দুবছৰমান অত্যধিক পৰিশ্ৰমৰ পৰা বিৰত থাকিবলৈ আহবান জনাইছে আই চি এম আৰৰ উদ্ধৃতিৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মণ্ডাভিয়াই৷ নৱৰাত্ৰিত সময়ত গুজৰাটৰ গৰ্বা নৃত্যত অংশগ্ৰহণ কৰা কেইবাজনো লোকৰ হঠাতে মৃত্যু হোৱা সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে আই চি এম আৰে ক’ভিডৰ আক্ৰান্তসকলক লৈ বিশদভাৱে অধ্যয়ন চলাইছিল৷ উক্ত অধ্যয়নটোৰ পৰা আই চি এম আৰ সদৰী কৰে যে যিসকল লোকে ক’ভিডত গুৰুতৰভাৱে আক্ৰান্ত হৈছিল, তেনে লোকসকলে দুবছৰমান অত্যধিক পৰিশ্ৰম কৰা উচিত নহয়৷ যাৰ পৰিণতি বিষম হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here