কভিডক জয় কৰি অহা এটা পৰিয়াল৷ শিশুৰ পৰা বৃদ্ধলৈ এটা পৰিয়ালৰ ৭ জনকৈ লোক কভিড আক্ৰান্ত হোৱা সত্ত্বেও কভিডক জয় কৰি অহা ঘটনা বৰ্তমান সকলোৰে বাবে হৈ পৰিছে প্ৰেৰণাৰ উৎস৷ এই ঘটনা গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত গোপালনগৰৰ দুই নং মাধৱপুৰৰ নিৱাসী ভগৱান তালুকদাৰৰ পৰিয়ালৰ৷ কিছুদিন পূৰ্বে ভগৱান তালুকদাৰৰ পৰিয়ালৰ আটাইকেইজন সদস্যই কভিডক জয় কৰি ঘৰলৈ ঘূৰি আহে৷ তালুকদাৰে কয় যে কৰ্কট ৰোগত আক্ৰান্ত তেওঁৰ পত্নী অলকা তালুকদাৰ মে’ৰ প্ৰথম সপ্তাহত কভিড পজিটিভ হয় আৰু লগে লগে তেওঁক ভৰ্তি কৰোৱা হয় কাহিকুছি কভিড কেয়াৰ চেণ্টাৰত৷ তেনে সময়তে ভগৱান তালুকদাৰৰ ৮০ বছৰীয়া মাতৃও কভিডত আক্ৰান্ত হয়৷ এনেদৰে ঘৰৰ আন সদস্য ক্ৰমে ভগৱান তালুকদাৰ, তেওঁৰ পুত্ৰ নৱৰূপজ্যোতি, কন্যা মধুস্মিতা, ভাতৃ ধীৰেন তালুকদাৰ, বোৱাৰী নিৰু তালুকদাৰ কভিড পজিটিভ বুলি চিনাক্ত হয়৷ ঘৰৰ ৭ জনকৈ সদস্য কভিডত আক্ৰান্ত হোৱাত গোপালনগৰৰ দুই নং মাধৱপুৰ অঞ্চলত আতংকৰ সৃষ্টি হয়৷ ইপিনে ভগৱান তালুকদাৰ হৈছে হৃদৰোগত আক্ৰান্ত ব্যক্তি৷ গতিকে এনে অৱস্থাত স্বাভাৱিকতে যেন ঘৰখনলৈ ঘোৰ অমানিশা নামি আহিছে৷ সমাজৰ লোকেও যেন তেওঁলোকক অৱহেলাৰ দৃষ্টিৰে চোৱা আৰম্ভ কৰিছে৷ কিন্তু ঘৰৰ মুৰব্বী হিচাপে ভগৱান তালুকদাৰে মানসিকভাৱে যথেষ্ট সবল হৈ কভিডৰ বিৰুদ্ধে যুঁজখনত জয়ী হ’বলৈ সকলোকে উদগনি যোগাইছিল৷ ভগৱান তালুকদাৰে কয় যে যি সময়ত তেওঁলোকক সকলোৱে এৰি দিছিল, তেনে সময়তে নুনমাটি আৰক্ষী থানাৰ সহঃ আৰক্ষী আয়ুক্ত নীলোৎপল ডেকাই তেওঁলোকৰ সমভাগী হৈছিল৷ তেওঁলোকৰ বিপত্তিৰ কথা জানিবলৈ পাই বিষয়াজনে প্ৰায় এমাহৰ বাবে তেওঁলোকক খাদ্য আৰু প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছিল৷ অকল এয়াই নহয়, কভিডৰ যুঁজখনত জয়ী হোৱাৰ বাবে তেওঁলোকক মানসিকভাৱে উৎসাহ-উদ্দীপনাও যোগাইছিল বুলি তেওঁলোকে জানিবলৈ দিয়ে৷ উল্লেখ্য যে বৰ্তমান ভগৱান তালুকদাৰৰ পৰিয়ালৰ আটাইকেইজন সমস্যই কভিড মুক্ত৷