কনজাংটিভাইটিছ চকুৰ এক সংক্ৰমণজনিত ৰোগ৷ গ্ৰীষ্মকালত এই ৰোগবিধৰ প্ৰাদুৰ্ভাৱ বেছি হয়৷ এই ৰোগ হ’লে চকু ৰঙা পৰে, চকু উখহি উঠে, চকু ফুটি উঠি অত্যন্ত বিষায়৷ চকুৰে পানী ওলাই থাকে আৰু ৰাতি চকু বান্ধি থয়৷ চকুৰ অসহ্য বিষ হয় আৰু চকু মেলিব নোৱাৰা আদি নানা উপসৰ্গই দেখা দিয়ে৷ আমাৰ স্থানীয় ভাষাত এই ৰোগক জয়বাংলাও বোলে৷ এই ৰোগ হোৱাজনে ব্যৱহাৰ কৰা কাপোৰ আদিৰ দ্বাৰা আনজনলৈ বিয়পে৷ সাধাৰণতে এই সময়ছোৱাত এই ৰোগৰ প্ৰভাৱ যথেষ্ট হোৱা পৰিলক্ষিত হয়৷ এই ৰোগত আক্ৰান্ত হ’লে চাফ-চিকুণতাৰ অতি প্ৰয়োজন৷ চকুযুৰি ঠাণ্ডা পানীৰে ধুই থাকিব লাগে৷ ডক্তৰৰ পৰামৰ্শমতে চকুত আইড্ৰপ লগাব লাগে৷ ইয়াৰ লগতে এই ৰোগত সংক্ৰমিত হ’লে খোৱা খাদ্যতো বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন৷ ইউনিভাৰ্ছিটি অব্ ইলিনয় ইয়াৰ ওল্ড আই ইনফাৰমেৰিৰ চিকিৎসক বেঞ্জামিন টিকোৱে কনজাংটিভাইটিছত সংক্ৰমণ হ’লে কি খাদ্য গ্ৰহণ কৰা উচিত সেই বিষয়ে জানিবলৈ দিছে৷ তেওঁ জনোৱা মতে ওমেগা থ্ৰী ফেটি এচিড চকুৰ অসুখ নিৰাময়ৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ কনজাংটিভাইটিছ ৰোগ দ্ৰুতভাৱে নিৰাময়ৰ বাবে ওমেগা থ্ৰী, ওমেগা ছিক্স আৰু ওমেগা নাইন ফেটি এচিড ততালিকে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক৷ খাদ্যত তৈলাক্ত মাছ অত্যধিক পৰিমাণে গ্ৰহণ কৰক৷ ছামন, মেকাৰেল, ট্ৰাউট, ছাৰ্ডিন আদি মাছ ওমেগা থ্ৰী ফেটি এচিডৰ গুৰুত্বপূৰ্ণ ভাণ্ডাৰ৷ এই মাছবোৰ গ্ৰিলড, বেকড বা ষ্টিম কৰি খাব পাৰে, ভাজিও খাব পাৰে৷ ছিয়া ছিডছ বা ফ্লাক্সচিডত প্ৰচুৰ পৰিমাণে ওমেগা থ্ৰী ফেটি এচিড পোৱা যায়৷ শৰীৰত ওমেগা থ্ৰী ফেটি এচিড পাবলৈ ডেজাৰ্ট বা ছালাডত এই দুবিধ খাদ্য যোগ কৰিব পাৰে৷ যদি মাছ খাবলৈ অসুুবিধা হয়, তেন্তে খাদ্য তালিকাত আখৰোট অন্তৰ্ভুক্ত কৰক৷ কিয়নো আখৰোটত যথেষ্ট পৰিমাণে ওমেগা থ্ৰী ফেটি এচিড থাকে৷ পালেং শাকত ওমেগা থ্ৰী ফেটি এচিড আৰু আলফালিনোলেনিক এচিড, যিয়ে চকুৰ সুৰক্ষা প্ৰদান কৰে৷ নিয়মিতভাৱে কণী, গাখীৰ আৰু দৈ খালে কনজাংটিভাইটিছৰ দৰে যন্ত্ৰণাদায়ক সংক্ৰমণৰ পৰা মুক্তি পাব পাৰে৷