কথোপকথন গোপনে ৰাখিবলৈহোৱাটছএপৰ নতুন ফিচাৰ

0
355


মোবাইলৰ হোৱাটছএপ লক কৰাৰ কাৰণে বায়’মেট্ৰিক বা পিন কোডৰ সহায়ত লক কৰাৰ ব্যৱস্থা আছে৷ এই ব্যৱস্থা এণ্ড্ৰয়ড আৰু আইঅ’এছ দুয়োটা ক্ষেত্ৰতে প্ৰযোজ্য৷ এই পদ্ধতিৰ জৰিয়তে যিকোনো গোপন ছাট নিৰাপদে সুৰক্ষিতভাৱে ৰাখিব পাৰি৷ আপোনাৰ ফোনৰ যিকোনো গোপনীয়তা এই ছাট নাজানিলে কেতিয়াও বেলেগৰ বাবে জানাটো সম্ভৱ নহয়৷ হোৱাটছএপে ইতিমধ্যে প্ৰাইভেচি ছেটিঙৰ একাধিক বিষয় যুক্ত কৰিছে৷ তাৰ ভিতৰত ডিছঅপিয়াৰি মেছেজ, স্ত্ৰিনছৰ্ট ব্লকিং, ষ্টেটাছ মেছেজ দেখা নিধাৰ্ৰণ কৰা, লাষ্ট ছিন বন্ধ ৰখা৷ হোৱাটছএপে এইবাৰ এটা নতুন ফিচাৰ সংলগ্ন কৰিছে৷ এই নতুন ফিচাৰটো হ’ল চেটলক৷ ইয়াৰ জৰিয়তে হোৱাটছএপত নতুন ভাৰ্চন ডাউনলোড কৰিবলৈ লাগিব৷ তাৰ পাছত যাৰ সৈতে চেটটো লক কৰিবলৈ বিচাৰে তাৰ প্ৰফাইল পিকচাৰ জানি ল’ব৷ ইয়াতে পাব নতুন অপশ্যন চেটলক৷ সেই অপশ্যনটো এলাবেল কৰি লৈ তাৰ পাছত আপোনাৰ ফোনটোৰ পাছৱৰ্ড আৰু বায়’মেট্ৰিক্সৰ জৰিয়তে এথেণ্টিকেট কৰিব৷ ইয়াৰ পাছতে এই নতুন ফিচাৰ কাৰ্যক্ষম হৈ উঠিব, যাৰ দ্বাৰা আপোনাৰ কথোপকথন গোপনে ৰখাত সহায় কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here