ক’ত স্থাপন হ’ল উত্তৰ-পূবৰ প্ৰথমটো মাতৃদুগ্ধ বেংক?

0
2356

নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উদ্দেশ্যে উত্তৰ-পূবৰ প্ৰথমটো মাতৃদুগ্ধ বেংক যোৱা ৯ ডিচেম্বৰত মুকলি কৰা হয়৷ গুৱাহাটীৰ ছাত্ৰীবাৰীত থকা খ্ৰীষ্টান হাস্পাতালত স্থাপন কৰা উক্ত বেংকটো ডাঃ দেৱজিৎ শৰ্মাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মুকলি কৰে৷ ৰটাৰী ক্লাবৰ সহযোগত স্থাপন কৰা বেংকটোত শিশুৰ বাবে উত্তম আৰু পুষ্টিকৰ মাতৃদুগ্ধ উপলব্ধ হ’ব৷ প্ৰায় পাঁচ লাখ টকা ব্যয়েৰে বেংকটো স্থাপন কৰা হৈছে৷ ডাঃ দেৱজিৎ শৰ্মাই জনোৱা মতে, ইয়াত সেইসকল মাতৃয়ে দুগ্ধ দান কৰিব পাৰিব, যিসকলে নিজৰ সন্তানক দুগ্ধপান কৰোৱাৰ পাছত ৰৈ যায়৷ ৰৈ যোৱা গাখীৰখিনি বেংকৰ দায়িত্বত থকা চিকিৎসকে ব্ৰেষ্ট পাম্প অথবা হাতেৰে তেনে গাখীৰ সংগ্ৰহ কৰিব৷ সেই গাখীৰখিনি ষ্টেৰিলাইজড্‌ কৰি মাইক্ৰ’বায়’লজিৰ জৰিয়তে বীজাণুমুক্ত কৰি বেংকত ৰখা হ’ব৷ ইয়াৰ উপৰি উক্ত গাখীৰখিনি ফ্ৰীজত ৰাখি শিশুৰ উপযোগী কৰি ৰখা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here