ক’ত? মানুহলৈ বাৰ্ড ফ্লুৰ সংক্ৰমণ

0
2191

চীনৰ পূব প্ৰান্তৰ জিয়াংছু প্ৰদেশত বাৰ্ড ফ্লুৰ এইচ১০এন৩ ষ্ট্ৰেইন মানুহলৈ সংক্ৰমিত হোৱাৰ প্ৰথমটো ঘটনা ধৰা পৰা বুলি দেশখনে প্ৰকাশ কৰিছে৷ প্ৰদেশখনৰ ঝেনজিয়াং মহানগৰৰ ৪১ বছৰীয়া এজন লোকৰ দেহলৈ এই ষ্ট্ৰেইন বা ৰূপটোৰ সংক্ৰমণ হয়৷ জ্বৰ আৰু আন লক্ষণে দেখা দিয়াৰ পাছত তেওঁক ২৮ এপ্ৰিলত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু বৰ্তমান তেওঁ সুস্থ৷ সোনকালে তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ’ব৷ তেওঁৰ দেহত এইচ১০এন৩ এভিয়ান ইনফ্লুৱেঞ্জা ভাইৰাছৰ সংক্ৰমণ হোৱা বুলি ২৮ মে’ত নিৰ্ণয় কৰা হয়৷ চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগ চমুকৈ এন এইচ চি-এ এই কথা কয়৷ আয়োগে অৱশ্যে এই প্ৰাদুৰ্ভাৱ গুৰুতৰ নহয় বুলি কৈছে৷ আয়োগে কয় যে কুকুৰাৰ পৰা মানুহলৈ ভাইৰাছৰ সংক্ৰমণৰ এইটো এটা বিক্ষিপ্ত ঘটনা আৰু এই ভাইৰাছে মহামাৰীৰ ৰূপ লোৱাৰ বিপদ একেবাৰে কম৷ মানুহজনলৈ কেনেকৈ ভাইৰাছৰ সংক্ৰমণ হ’ল সেই বিষয়ে এন এইচ চিৰ বিবৃতিটোত একো উল্লেখ কৰা হোৱা নাই৷ তেওঁৰ সংস্পশলৈ অহা লোকসকলকো পৰীক্ষা কৰা হয় আৰু কাৰো সংক্ৰমণ হোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here