চীনৰ য়ুনান প্ৰদেশত গৱেষকে পাঁচটা নতুন উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি আৱিষ্কাৰ কৰিছে৷ প্ৰদেশখনৰ ছাংচান পৰ্বতমালাৰ তালি বিশ্ববিদ্যালয়ৰ গৱেষকে এই নতুন প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ আৱিষ্কাৰ কৰি বিশ্বজুৰি কৃতিত্ব অৰ্জন কৰিছে৷ এই নতুনকৈ আৱিষ্কৃত হোৱা উদ্ভিদ আৰn প্ৰাণীৰ ভিতৰত আছে এবিধ নতুন আইৰিছ তথা চাৰিটা পেনোৰপা কীট৷ নতুনকৈ আৱিষ্কাৰ হোৱা উদ্ভিদ প্ৰজাতিবোৰৰ নাম দিয়া হৈছে আইৰিছ ছাচানেছিছ৷ গৱেষক চিয়াং চিয়ানফেংৱে জনাইছে যে এই আইৰিছবোৰ অন্যান্য আইৰিছ প্ৰজাতিৰ উদ্ভিদবোৰতকৈ পৃথক৷ সেয়ে নিশ্চিত কৰা হৈছে যে এইবোৰ এটা নতুন প্ৰজাতিৰ আইৰিছ৷ উল্লেখ্য যে আইৰিছ এবিধ বৈচিত্ৰ্যময় প্ৰজাতিৰ উদ্ভিদ৷ বিশ্বব্যাপী ৩০০ বিধৰো বেছি প্ৰজাতিৰ আইৰিছ পোৱা যায়৷ ইয়াৰ ভিতৰত চীনদেশত ৬০ বিধতকৈও বেছি প্ৰজাতিৰ আইৰিছ পোৱা যায়৷ আনহাতে চীনত নতুনকৈ আৱিষ্কাৰ কৰা আন চাৰিটা কীট হ’ল ক্ৰমে পেনোৰপা হুয়াডিয়ানবা, পেনোৰপা কুৰোং, পেনোৰপা শেংইংফেং আৰু পেনোৰপা ভাজৰয়েডছ৷ পেনোৰপা হ’ল সংবেদনশীল জলজ কীট৷ এই কীটবিধে বনাঞ্চলৰ ওখ পাহাৰ বা প্ৰদূষণমুক্ত জলাশয়ত বাস কৰে৷ চীনত ২০০ বিধৰো অধিক পৰিচিত পেনোৰপা প্ৰজাতি পোৱা যায়৷