কটন বিশ্ববিদ্যালয়ত বিশ্ব জল দিৱস উদ্‌যাপন

0
1448

যোৱা ২২ মাৰ্চত বিশ্ব জল দিৱস উপলক্ষে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত ডিজিটেল মাধ্যমত এখন আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায়৷ য’ত আই আই টি গুৱাহাটীৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক চন্দন মহন্তই বিশ্ব জল দিৱস উপলক্ষে এক সুন্দৰ বক্তৃতা প্ৰদান কৰে৷ এই আলোচনাৰ বিষয়বস্তু আছিল– Healthy Water, Happy Earth. মহন্তই বিষয়টোৰ লগত সংগতি ৰাখি বক্তৃতাত পানী প্ৰদূষণ তথা পানীত থকা ফ্ল’ৰাইড, আৰ্ছেনিক, ভূজলৰ সঞ্চয়, বৰষুণৰ পানী সংৰক্ষণৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা কয়৷ ইতিমধ্যে এই ৱে’বটক ৰাইজৰ জ্ঞাতাৰ্থে কটন বিশ্ববিদ্যালয়ৰ ৱে’বছাইটৰ লগতে তেওঁলোকৰ ফে’চবুক পে’জটো আপল’ড কৰা হৈছে৷ উল্লেখ্য যে সামাজিক উদ্যমিতা, স্বচ্ছতা আৰু গ্ৰাম্য সহভাগিতা আৰু উন্নত ভাৰত অভিযান কোষৰ অধীনত এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here