কঁঠালৰ গুটি পেলাই নিদিব ? জানক ইয়াৰ উপকাৰিতা

0
94

বতৰৰ ফল কঁঠাল খাবলৈ সকলোৱে পচন্দ কৰে৷ অম্বুবাচীৰ সময়ত কঁঠাল খোৱাটো এটা নিয়মৰ লেখীয়া৷ অতি সুমিষ্ট ফল কঁঠাল পকাই খোৱাৰ উপৰি কেঁচায়ো তৰকাৰী হিচাপে আঞ্জা বনাই খোৱা হয়৷ কঁঠাল অকল সুমিষ্টই নহয়, ইয়াৰ উপকাৰিতাও আছে যথেষ্ট৷ অৱশ্যে এটা কথা ঠিক যে কিছুমানে কঁঠালৰ কোঁহ খোৱাতকৈ কঁঠালৰ গুটি খাবলৈহে বেছি পচন্দ কৰে৷ জুইত সেক দি, মাথৰ সৈতে তৰকাৰী বনাই বা সিদ্ধ কৰি কঁঠালৰ গুটি খাবলৈ যথেষ্ট সোৱাদ লগা হয়৷ আনকি বহুতেই আকৌ খাবলৈ কঁঠালৰ পৰিৱৰ্তে কঁঠালৰ গুটিহে বজাৰৰ পৰা কিনি আনে৷ মনত ৰাখিব কঁঠালৰ গুটি যিমান সোৱাদ লগা, সিমানেই ইয়াৰ গুণাগুণো আছে৷ কঁঠালৰ গুটিয়ে বিভিন্ন শাৰীৰিক সমস্যা সমাধান কৰাত সহায় কৰে৷ মূলতঃ কঁঠালৰ গুটিত থকা প্ৰ’টিন শৰীৰৰ বাবে অত্যন্ত উপকাৰী৷ মাছ-মাংস খালে যিসকলে কম পৰিমাণে খায়, তেওঁলোকে শৰীৰে প্ৰ’টিন পাবৰ বাবে বা আমিষ খাদ্যৰ চাহিদা পূৰাবলৈ কঁঠালৰ গুটি খাব পাৰে৷ কঁঠালৰ গুটিয়ে বিপাক ক্ৰিয়া ত্বৰান্বিত কৰে৷ বদহজম, কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত কঁঠালৰ গুটিয়ে সহায় কৰে৷ কঁঠালৰ গুটিয়ে হজম শক্তি বঢ়ায়৷ শৰীৰৰ থাইৰয়েড নিয়ন্ত্ৰণ ৰাখিবলৈ কঁঠালৰ গুটিয়ে সহায় কৰে৷ ইয়াৰ উপৰি আন বহুতো শাৰীৰিক লাভালাভৰ বাবে কঁঠালৰ গুটি খাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here