কঁকালৰ যন্ত্ৰণাৰ পৰা মুক্ত পাবলৈ অৰ্ধ তিতলি আসন কৰক

0
5

কঁকালৰ বিষ অসহ্যকৰ এক যন্ত্ৰণা৷ যদি এই বিষ পুৰণি বা দীঘলীয়া সময়ৰ বাবে হয়, তেনেহ’লে এই যন্ত্ৰণা সহ্য কৰা অধিক কঠিন হৈ পৰে৷ বহুতেই কঁকালৰ বিষ সহজে নিৰাময়ৰ বাবে ফাৰ্মাচীৰ পৰা পেইনকিলাৰ বেজী বা টেবলেট খায় লগতে সকাহ পায় যদিও বিষ নিৰাময়ৰ বাবে দীৰ্ঘস্থায়ী সমাধান নহয়৷ কিছু সময়ৰ পাছতে আকৌ একেই বিষ অনুভৱ হয়, য’ত আপুনি খাব-শুব নোৱৰাৰ দৰে হয়৷ সেয়ে সঘনাই হৈ থকা কঁকালৰ বিষ বা যন্ত্ৰণা একেবাৰে নিৰ্মূল কৰিবলৈ যোগব্যায়ামৰ আশ্ৰয় ল’ব পাৰে, যিয়ে আপোনাক দীৰ্ঘস্থায়ী এটা সমাধানৰ উপায় দিব পাৰে৷ যোগসাধনাই হৈছে মন-মগজু তথা শৰীৰ সুস্থ কৰি ৰখাৰ অন্যতম পদ্ধতি৷ যাৰ জৰিয়তে আমি নিৰোগী হৈ থাকিব পাৰে৷ সেয়ে কঁকালৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ নিয়মিতভাৱে অৰ্ধ তিতলি আসন কৰিলে সহজে এই সমস্যাৰ পৰা সমাধান পাব পাৰে৷ আজিকালি বেছিভাগ মানুহৰ ক্ষেত্ৰত দিনৰ অধিকাংশ সময় একে ঠাইতে অফিচৰ চকীত বহি কামৰ কৰাৰ ফলত ভৰিৰ পেশীৰ কোনো কাম নোহোৱা হয়৷ লৰচৰ নকৰি এঠাইতে কাম কৰাৰ বাবে ভৰিৰ লগতে কঁকালৰ কিছু পেশীৰো ক্ৰমশঃ কাঠিন্য আহে৷ যাৰ ফলত পেশী তথা অস্থিসন্ধি ক্ৰমে দুৰ্বল হৈ আহে৷ সেয়ে ভৰি বা কঁকালৰ পেশীক সক্ৰিয় কৰি ৰাখিবলৈ অৰ্ধ তিতলি আসন কৰিলে যথেষ্ট সুফল পোৱা যায়৷ অৰ্ধ তিতলি আসন নিয়মিতভাৱে কৰিলে ভৰিৰ অভ্যন্তৰৰ পেশী শক্ত তথা অস্থিসন্ধি ৰ কাৰ্যক্ষমতা বৃদ্ধি হয়৷ পেশী মজবুত হ’লে কঁকালৰ সুস্থতা বজাই ৰখাৰ ক্ষমতা থাকে৷
কিদৰে কৰিব অৰ্ধ তিতলি বা হাফ বাটাৰফ্লাই আসন ঃ- এই আসন কৰিবলৈ সহজ যদিও ইয়াৰ উপকাৰিতা যথেষ্ট আছে৷ এই আসনক হাফ বাটাৰফ্লাই প’জ বুলিও কোৱা হয়৷ এই আসন কৰিবলৈ মানুহজন মাটিত ধ্যান মুদ্ৰাত বহি ল’ব৷ ইয়াৰ পাছত যিকোনো এখন ভৰি আঁঠুটো কোঁচাই লৈ উৰুৰ ওপৰত সম্পূৰ্ণ উঠাই দিব৷ ভৰিখন সুলকি নপৰিবলৈ দুয়োখন হাতেৰে ভৰিৰ আঙুলি আৰু আঁঠুত হেঁচা মাৰি ধৰিব৷ এই সময়ত আনখন ভৰি সম্পূৰ্ণ আগলৈ মেলি দিব৷ এইদৰে কিছু সময় ৰৈ পুনৰ ধ্যান মুদ্ৰাত থাকক৷ ইয়াৰ পাছত এইবাৰ আনখন ভৰিৰে আগৰবাৰৰ দৰে কৰাৰ চেষ্টা কৰক৷ এইদৰে দুয়োখন ভৰিৰে চাৰিবাৰমান কৰাৰ চেষ্টা কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here