কঁকালৰ মেদ কমাবলৈ সঠিকভাৱে চক্ৰাসন কৰক

0
2

বয়স বৃদ্ধিৰ লগে লগে প্ৰেছক্ৰিপশ্যনৰ ঔষধৰ তালিকাও দীঘলীয়া হয়৷ ইয়াৰ অন্যথা আন বেলেগ উপায় নাথাকে৷ বহুতেই ঔষধকে সংগী কৰি লয় এনে সময়ত৷ কিন্তু ইয়াৰ বিপৰীতে যদি সময় থাকোতেই অৰ্থাৎ বয়সৰ লগে লগে কম-বেছি পৰিমাণে সময় উলিয়াই হ’লেও শৰীৰচৰ্চাৰ কৰাৰ অভ্যাস গঢ় দি লয়, তেনেহ’লে যিমানেই বাৰ্ধক্যই ওচৰ চাপি নাহক কিয়, কোনো ৰোগ-ব্যাধিয়ে সহজে আক্ৰমণ কৰিব নোৱাৰে৷ সেয়ে শৰীৰ সঠিকভাৱে সুস্থ-সবল কৰি ৰাখিবলৈ শৰীৰচৰ্চাৰ পৰামৰ্শ দিয়ে চিকিৎসকসকলেও৷ বয়স বঢ়াৰ লগে লগে কঁকালৰ বিষ, গাৰ বিষ, আঁঠুৰ বিষ আদি নানাটা সমস্যাই আগুৰি ধৰে৷ এইবোৰৰ আশু সমাধান পাবলৈ সময়ৰ আগতেই নিয়মিতভাৱে কিছু যোগব্যায়াম কৰিলে সুফল পাব পাৰি৷ প্ৰধানকৈ কঁকালৰ বিষৰ পৰা উপশম পাবলৈ চক্ৰাসন কৰিলে যথেষ্ট সুফল পোৱা যায়৷ আনহাতে নিয়মিতভাৱে এই আসন কৰাৰ অভ্যাস কৰিলে হাত, কান্ধ, পিঠি আৰু মেৰুদণ্ড সংলগ্ন পেশী টান টান আৰু শক্তিশালী হয়৷ বাওঁ আৰু সোঁদিশৰ শৰীৰক আন্দোলিত কৰাৰ কাৰণে কঁকাল আৰু নিতম্ব টান অনুভৱ হয় বাবে বিষ-বেদনাৰ পৰা হাত সাৰিব পাৰি৷ আনহাতে কঁকালত জমা হোৱা মেদ কমোৱাত এই আসন যথেষ্ট কাৰ্যকৰী৷
কিদৰে কৰিব চক্ৰাসন ঃ- এই আসন কৰিবলৈ সিমান উজু নহয়, যথেষ্ট কঠিন৷ কিন্তু নিয়মিতভাৱে অনুশীলন কৰিলে এই আসন কৰিবলৈ অতি সহজ হৈ পৰে৷ এই আসন কৰিবলৈ প্ৰথমে মানুহজন এখন মেটৰ ওপৰত বা মাটিত বহি লওক৷ তাৰ পাছত ভৰি আৰু হাতত ভৰ দি মানুহজন লাহে লাহে বুকুখমন ওপৰমুৱা কৰি মাটিৰ ওপৰলৈ উঠাৰ চেষ্টা কৰক৷ এনে অৱস্থাত ভৰি দুখন আৰু হাতৰ মাজত কিছু দূৰত্ব ৰাখিব আৰু হাত আৰু ভৰি যাতে একে অৱস্থানত থাকে লক্ষ্য কৰক৷ এটা সময়ত হাত আৰু ভৰি মাটিৰ ৰাখি মানুহজন সম্পূৰ্ণ ওলোটাকৈ মাটিৰ ওপৰত উঠি যাওক৷ এই সময়ত মূৰটো যাতে হাউলি থাকে চাব৷ এইদৰে কিছু সময় থাকি লাহে লাহে আগৰ অৱস্থালৈ ঘূৰি অহাৰ চেষ্টা কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here