বিশ্বজুৰি কেঞ্চাৰৰ ভয়াৱহতাৰ প্ৰতিচ্ছবিখন দিনক দিনে অভাৱনীয়ভাৱে বৃদ্ধি হৈ গৈ আছে৷ ইয়াৰ প্ৰতিৰোধৰ উপায় হিচাপে গৱেষণা অহৰহ কাম কৰি আছে৷ বিভিন্ন গৱেষণা তথা ঔষধ প্ৰস্তুত কৰি কেঞ্চাৰৰ বিস্তৃতি ৰোধ কৰা প্ৰচেষ্টা চলাই থকা হৈছে৷ এইবাৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে আন এক পদ্ধতি উদ্ভাৱন হৈছে, যি পদ্ধতিৰ দ্বাৰা কোনো যন্ত্ৰণা-বেদনা অবিহনে তথা খৰতৰ পৰিমাণো সস্তা হ’ব, লগতে ঔষধ অবিহনে কৰা হ’ব কেঞ্চাৰৰ চিকিৎসা৷ কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰ চিকিৎসাৰ বাবে গোটেই
বিশ্বতে গৱেষণা হৈছে এ এম ইউতো৷ ইয়াৰ আওতাত ৪০ গৰাকী কেঞ্চাৰ ৰোগীৰ ওপৰত গৱেষণা চলাইছে বিজ্ঞানীয়ে৷ খুব কম সময়তে সোনকালে ইয়াৰ সমাধান পথৰ সন্ধান কৰা হৈছে৷ কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগৰ চিকিৎসা সহজ তথা কম খৰচতে কৰাৰ চেষ্টা কৰিছে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে এক অনন্য গৱেষণাত নিযুক্ত হৈছে৷ ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চে এই প্ৰকল্পৰ কাৰণে এ এম ইউক বাচি লৈছে৷ বিশ্ববিদ্যালয়খনৰ বায়’কেমেষ্ট্ৰিবিভাগৰ দলে ভাল বেক্টেৰিয়াৰ সহায়ত ঔষধ অবিহনে কেঞ্চাৰৰ চিকিৎসাৰ উপায় বাহিৰ কৰাৰ চেষ্টা চলাইছে৷ বায়’কেমেষ্টি˜ বিভাগৰ চেয়াৰমেন অধ্যাপক ছেলিম জাবেদে এই সম্পৰ্কত কৈছে যে মানৱদেহত ভাল আৰু বেয়া দুই ধৰণৰ বেক্টেৰিয়া থাকে৷ ভাল বেক্টেৰিয়াই শৰীৰক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে৷ এই ভাল বেক্টেৰিয়াৰ সহায়ত অন্ত্ৰত হোৱা কেঞ্চাৰৰ চিকিৎসা কৰা চেষ্টা কৰা হৈছে৷ এই ক্ষেত্ৰত ঔষধৰ ব্যৱহাৰ কমি যাব বুলিও তেওঁ জানিবলৈ দিয়ে৷ এই গৱেষণাৰ উদ্দেশ্য হ’ল এটা প্ৰাকৃতিক তথা কাৰ্যকৰ পদ্ধতি উদ্ভাৱন কৰা, যাতে কেঞ্চাৰৰ চিকিৎসাত ঔষধৰ ব্যৱহাৰ কমি যায়৷