ঔষধি গুণসম্পন্ন অমৰ লতাৰ আচৰিত উপকাৰিতা

0
1

অমৰ লতাৰ বিষয়ে আপুনি শুনিছেনে? ঔষধি গুণেৰে সমৃদ্ধ এই অমৰ লতাৰ বিষয়ে খুব কমসংখ্যক মানুহে জ্ঞাত৷ বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক উপাচাৰত অমৰ লতা বা গিলৈক ব্যৱহাৰ কৰা হয়৷ অৱশ্যে ইয়াক ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বেছি ভাল৷ পিছে এই ঔষধি লতাবিধ কি কি কামত ৰামবাণ হিচাপে কাম কৰে জানো আহক৷
এই বনৌষধিবিধক কাঢ়া, জুচ নাইবা পাউডাৰ হিচাপেও গ্ৰহণ কৰিব পাৰি৷ ই এণ্টিইনফ্লেমেটৰি আৰু এণ্টিপাইৰেটিক গুণেৰে সমৃদ্ধ বাবে ইমিউনিটি বৃদ্ধি কৰাৰ লগতে ভাইৰেল ইনফেক্‌শ্যনৰ বিৰুদ্ধেও মোকাবিলা কৰিব পাৰে৷
অমৰ লতাই ইনছুলিনৰ পৰিমাণ বৃদ্ধি কৰি ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷
দিনে দুবাৰকৈ ইয়াৰ ৰস সেৱন কৰিলে ইয়াত থকা এণ্টিঅক্সিডেণ্টে দেহৰ দূষিত পদাৰ্থ বাহিৰ কৰিব পাৰে৷
পাচন প্ৰক্ৰিয়া উন্নত কৰাতো অমৰ লতা বিশেষভাৱে কাৰ্যকৰী৷
লগতে হাঁওফাঁওজনিত সমস্যা, স্ত্ৰেচ, মানসিক অৱসাদ আদি দূৰ কৰি ছালখনৰো যতন লোৱাত বিশেষ ভূমিকা গ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here