ঔষধি গুণযুক্ত সুন্দৰতাৰে ভৰাএই গছবিধ হ’ব পাৰে হাৰ্ট এটেকৰ কাৰণ

0
301


লাইফ ছায়েন্সৰ এক প্ৰতিবেদনত বিশেষজ্ঞসকলে সতৰ্কবাণী শুনাইছে যে ঔষধি গুণসম্পন্ন, দেখিবলৈ অতিকে ধুনীয়া ডিজিটানিছ উদ্ভিদ হাৰ্ট এটেকৰ কাৰণ হ’ব পাৰে৷ এই প্ৰজাতিৰ উদ্ভিদৰ ফুলবোৰ দেখাত ইমানেই শুৱনি যে চকু থৰ পৰি যায়৷ দেখিলেই মন ভৰি যোৱা এই ফুলবোৰে যে আমাৰ শাৰীৰিক ক্ষেত্ৰত অনিষ্টকাৰী হ’ব পাৰে সেই কথা বিজ্ঞানী মহলে শেহতীয়াভাৱে কৰা অধ্যয়নৰ পৰা জানিব পাৰিছে৷ সাধাৰণতে সকলো মানুহৰে ফুলে আকৰ্ষিত কৰে৷ কিছু এনে লোকো আছে যিয়ে ফুল দেখিলেই নোচোবাকৈ ৰ’ব নোৱাৰা হয়৷ তাৰ ভিতৰত ফুল ফুলা উদ্ভিদ ফ’ক্সগ্লোব এবিধ, যাক বৈজ্ঞানিকভাৱে ডিজিটালিছ বুলি জনা যায়৷ সাধাৰণতে এছিয়া আৰু ইউৰোপত এই সুন্দৰতা ভৰা ফুল ফুলা গছবিধ পোৱা যায়৷ গুলপীয়া, বগা আদি ৰঙৰ ফুলৰ গছবিধে বাগিচাৰ সৌষ্ঠৱ বঢ়াই বাগিচাখনক কৰি তোলে সোণত সুৱলা চৰা৷ বিশেষজ্ঞই গৱেষণাৰ পৰা পোৱা তথ্য মতে এই ফুলবিধত থকা ডাইগক্সিনে নামৰ ৰাসায়নিক পদাৰ্থই হৃদৰোগৰ কাৰক হ’ব পাৰে৷ এই গৱেষণাৰ পাছতেই বিজ্ঞানী মহলে সাধাৰণ লোকক এই ফুলবিধৰ পৰা আঁতৰত থাকিবলৈ সতৰ্ক কৰি দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here