ৰোগৰ পৰা হাত সাৰিবলৈ অত্যধিক ভজা-পোৰা খাদ্য, মিঠাইজাতীয় খাদ্য, অতিৰিক্ত কাৰ্বহাইড্ৰেট থকা খাদ্য আদি বাদ দিয়া উচিত৷ একেদৰে শৰীৰত যাতে পুষ্টিৰ অভাৱ নহয়, সেই দিশটোলৈও মন দিয়া উচিত৷ ৰোগাক্ৰান্ত হৈ শৰীৰ শীৰ্ণ তথা দুৰ্বল হৈ পৰাৰ পৰা নিজকে বচোৱাৰ চেষ্টা কৰা ভাল৷ সেয়ে. অসুখ হোৱাৰ আগেয়ে খাদ্য প্ৰণালীৰ পৰিকল্পনাৰ দৰকাৰ৷ ইয়াৰ লগতে শৰীৰৰ ওজন কমাবলৈ তথা ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ খাদ্য তালিকাত নিশ্চিন্তেভাৱে বুট ৰাখিব পাৰে৷ বুটে শৰীৰৰ ওজন কমোৱাৰ লগতে শৰীৰত পুষ্টিৰ যোগান ধৰাত সহায় কৰে৷ কাবুলি বুটত প্ৰচুৰ পৰিমাণে প্ৰ’টিন আৰু ফাইবাৰ পোৱা যায়৷ আনহাতে ওজন কমাবলৈ এই দুবিধ উপাদান খাদ্য তালিকাত ৰাখিবলৈ পুষ্টিবিদে পৰামৰ্শ দিয়ে৷ কাবুলি বুটত থকা ফাইবাৰে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ তেজত লিপিডৰ মাত্ৰা সঠিক ৰখাত সহায় কৰে৷ হাড়ৰ স্বাস্থ্য ভালে ৰখাত কাবুলি বুটে সহায় কৰে৷ কাৰণ ইয়াত ভিটামিন-কে তথা কেলচিয়াম, মেগনেচিয়ামৰ দৰে গুৰুত্বপূৰ্ণ খনিজ থাকে, যি হাড়ৰ স্বাস্থ্যৰ বাবে উপকাৰী৷ কাবুুলি বুটত থকা ফাইবাৰে বেয়া কলেষ্টৰেল বা এল ডি এল কমাই ভাল কলেষ্টৰেল বা এইচ ডি এলৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে৷ কাবুলি বুটত থকা ভিটামিন-বি৯ অৰ্থাৎ ফোলেটে স্নায়ুতন্ত্ৰৰ কামত সহায় কৰে৷ ইয়াৰ লগতে মস্তিষ্কৰ বিকাশ তথা পেশী গঠনত সহায় কৰে৷