ওঁঠৰ ওপৰত নোম গুচাবলৈ ঘৰুৱা এইবোৰ উপায়

0
1

ওঁঠৰ ওপৰত থকা সূক্ষ্ম গোঁফৰ ৰেখা পৰিষ্কাৰ বাবে থ্ৰেডিং কৰাৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি৷ যদি এই কষ্ট বা যন্ত্ৰণা লাঘৱ কৰিবলৈ বিচাৰে, তেনেহ’লে ঘৰুৱা কিছু উপায়েৰে সহজে এই নোম গুচাব পাৰি৷ আমি সকলোৱে জানো যে মুখ অথবা হাতৰ অবাঞ্ছিত নোম তোলাৰ কষ্ট হ’লেও সহনযোগ্য৷ কিন্তু ওঁঠৰ ওপৰত সূতাৰে কৰা থ্ৰেডিং কৰাৰ সময়ত চকুৰ পৰা আপোনাআপুনি পানী ওলাবই৷ আপাৰ লিপ থ্ৰেডিং যথেষ্ট যন্ত্ৰণাদায়ক৷ স্পৰ্শকাতৰ ছাল হ’লে থ্ৰেডিং কৰাৰ পাছত ৰঙা পৰা, ব্ৰন আদি ওলায়৷ বহুতেই ওঁঠৰ ওপৰত থকা নোম গুচাবলৈ ৰেজাৰ ব্যৱহাৰ কৰে যদিও তেনে কৰাৰ ফলত ছালখন আৰু ৰুক্ষ হৈ পৰে৷ সেয়ে ওঁঠৰ ওপৰত সূক্ষ্ম নোম গুচাবলৈ ঘৰুৱাভাৱে এইবোৰ উপকৰণ ব্যৱহাৰ কৰিলে নোম সহজে উঠাব পাৰে৷
কণীৰ বগা অংশৰ প্ৰ’টিনে ছালৰ কোলাজেন তৈয়াৰ কৰাত বিশেষ ভূমিকা লয়৷ কৰ্নফ্লাৱাৰ ছালৰ বাবে ভাল৷ নোম গুচোৱাৰ ক্ষেত্ৰত এই দুই উপকৰণ মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰক৷ এতিয়া এই মিশ্ৰণটোত অলপ চেনি লগ কৰি সম্পূৰ্ণকৈ মিহলাই লওক৷ এই মিশ্ৰণটো ওঁঠৰ ওপৰত ভালদৰে লগাই পোন্ধৰ মিনিটমান ৰাখি থওক৷ এই মিশ্ৰণটো শুকাই টান হওঁতে ছালৰ পৰা গুচাই দিব৷ সপ্তাহত এই পদ্ধতিৰে দুদিন কৰিলে অনায়াসে ওঁঠৰ নোম নোহোৱা হ’ব৷
দুচামুচ ওটমিলৰ সৈতে এটা পকা কল ভালদৰে পিটিকি লওক৷ এই মিশ্ৰণটোৰে ওঁঠৰ ওপৰত ভালদৰে পোন্ধৰ মিনিটমান মাছাজ কৰিব৷ইয়াৰ ফলত ওঁঠৰ নেমা উঠি যাব লগতে ছালৰ মৃতকোষবোৰ ইয়াৰ সৈতে গুচিব৷ এই মিশ্ৰণটোৱে ছালখন নৰম কৰাৰ লগতে মুখত পৰা দাগ নোহোৱা কৰে৷
এটা পাত্ৰত অলপ পানী লৈ তাত দুচামুচ চেনি মিহলাই ঘুটি লওক৷ এতিয়া তাত নেমুৰ ৰস মিহলাই ভালদৰে এটা মিশ্ৰণ প্ৰস্তুত কৰিব৷ এই মিশ্ৰণটো অলপ গৰম কৰি ওঁঠৰ ওপৰত লগাই দিব৷ কিছুসময় এইদৰে ৰাখি পাছত শুকাই গ’লে তুলি দিব৷
এটা পাত্ৰত গাখীৰ, হালধি আৰু অলপ ময়দা লৈ ভালদৰে মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰক৷ এতিয়া ঘন পেষ্ট তৈয়াৰ হ’লে মিশ্ৰণটো ওঁঠৰ ওপৰত লগাই কিছু সময় থৈ দিব৷ শুকাই যোৱাৰ পাছত গুচাই দিব৷ দেখিব ওঁঠৰ নোমবোৰ নোহোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here