এ আই ব্যৱহাৰ কৰি মঙলত খনিজ পদাৰ্থৰ সন্ধান নাছাৰ

0
46

কৃত্ৰিম বুদ্ধিমত্তাই চমুকৈ এ আই প্ৰযুক্তি বৰ্তমান সময়ত প্ৰায় সকলো ক্ষেত্ৰতে বিস্তাৰ লাভ কৰিছে৷ এইবাৰ পৃথিৱীৰ গণ্ডীৰ বাহিৰত মঙল গ্ৰহৰ শিলাত খনিজ পদাৰ্থ আছেনে নাই, সেই বিষয়ে জানিবলৈ বিজ্ঞানীক এ আই প্ৰযুক্তিয়ে সহায় কৰিছে৷ মঙলৰ বুকুত গৱেষণাৰ বাবে ব্যৱহূত পাৰছিভাৰেন্স ৰ’ভাৰে সংগ্ৰহ কৰা শিলৰ পৰ্যালোচনা কৰি তাত খনিজৰ তথ্য সংগ্ৰহ কৰিছে এ আয়ে৷ শিলা গঠনৰ তথ্য তাৎক্ষণিকভাৱে বিশ্লেষণৰ বাবে মঙল গ্ৰহত প্ৰথমবাৰৰ বাবে এ আই প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে৷ মানুহৰ সহায়ৰ উপৰি এ আয়ে তাৎক্ষণিকভাৱে বিভিন্ন সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বেছ দক্ষও হৈ উঠিব৷ যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ গৱেষক আবিগেইল অলইডেলে জনাইছে যে মঙলত খনিজৰ সন্ধানৰ বাবে এ আই ব্যৱহাৰ কৰা হৈছে৷ এ আইৰ মাধ্যমেৰে ৰ’ভাৰে স্বয়ংক্ৰিয়ভাৱে খনিজ চিনাক্ত কৰিব পাৰিব৷ ফলত মানুহৰ সহায়ৰ প্ৰয়োজন নাথাকিব৷ মঙল গ্ৰহত এ আইৰ ব্যৱহাৰ আৰু আন ক্ষেত্ৰত হোৱাৰ কথাও জানিবলৈ দিয়ে নাছাই৷ কিউৰিঅ’চিটি ৰ’ভাৰতো এ আই প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে৷ এ আই-এ কিউৰিঅ’চিটি ৰ’ভাৰক শিলাৰ আকৃতি আৰু ৰঙৰ ওপৰত ভিত্তি কৰি লেজাৰৰ সহায়ত বিশ্লেষণ কৰি শিলাৰ ৰাসায়নিক গঠন সংগ্ৰহ কৰিছে৷ মঙল গ্ৰহত খনিজ পদাৰ্থৰ সন্ধানত এ আইৰ ব্যৱহাৰ সন্দৰ্ভত বিজ্ঞানী ডেভিদ থম্পচনে কয় যে মঙল গ্ৰহত এ আই পৰীক্ষা কৰাৰ কাৰণে এটা দুৰ্দান্ত স্থান৷ এই ঠাইত বিজ্ঞানীৰ যিহেতু সঘন যোগাযোগ হৈ থাকে৷ এ আই নিৰ্ভৰ বিভিন্ন প্ৰযুক্তি ভৱিষ্যতে মঙল গ্ৰহসহ আন গ্ৰহৰ অধিক তথ্য সংগ্ৰহ তথা সুবিধাজনক উপায় বাহিৰ কৰাত সফলতা পাব বুলি বিজ্ঞানীয়ে ধাৰণা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here