এহেজাৰ বছৰ পুৰণি ৰহস্যময় মায়ানগৰৰ সন্ধান মেক্সিকোৰ জংঘলত

0
365


প্ৰাচীন মায়া সভ্যতাৰ ৰহস্যসমূহে সকলোকে আকৰ্ষিত কৰি আহিছে৷ সেয়েহে মেক্সিকোৰ ঘন বনাঞ্চলত মায়া সভ্যতাৰ অৱশেষৰ সন্ধানত প্ৰায়ে অভিযান চলোৱা হয়৷ শেহতীয়াকৈ চলোৱা এটা অভিযানত বিশেষজ্ঞসকলে মায়া সভ্যতাৰ এখন হেৰাই যোৱা নগৰৰ সন্ধান লাভ কৰে৷ এই নগৰখন প্ৰায় ১০০০ বছৰ পুৰণি আৰু ইয়াত ৫০ ফুট উচ্চতাৰ পিৰামিডো পোৱা গৈছে৷ কেৱল সিমানেই নহয়, সহস্ৰ বছৰ পুৰণি নগৰখনত স্প’ৰ্টছ পিটচো পোৱা গৈছে৷ এই নগৰখনে মায়া সভ্যতাৰ পতনৰ বিষয়ে তথ্যৰ সম্ভেদ দিব বুলি আশা কৰা হৈছে৷ নগৰখনত ভালেমান শিলৰ স্তম্ভ, অট্টালিকা আৰু গোলাকাৰ গাঁথনি পোৱা গৈছে৷ তাত দেখা পোৱা পিৰামিডবোৰৰ ভিতৰত এটাৰ উচ্চতা প্ৰায় ৮২ ফুট আছিল বুলি কোৱা হৈছে৷ ইয়াৰ লগতে এখন প্ৰাচীন খেলপথাৰ আৰু কেইবাখনো উচ্চ বেদী পোৱা গৈছে৷ এই খেলপথাৰখন ধৰ্মীয় কামত ব্যৱহাৰ কৰা হৈছিল বুলি অনুমান কৰা হৈছে৷ মায়া সভ্যতাৰ এই নগৰখন খ্ৰীষ্টপূৰ্ব ২৫০১ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ মানৰ বুলি অনুমান কৰা হৈছে৷ এই নগৰখনৰ নাম ওকোমট্টুন দিয়া হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here