কেৰালাত এমিবিক মেনিংগ’ এনচেফেলাইটিছৰ সংক্ৰমণৰ আৰু এটা ঘটনা পোহৰলৈ আহিছে৷ উত্তৰ কেৰালাৰ পায়োলীৰ ১৪ বছৰীয়া এজন কিশোৰ এমিবিক মেনিংগ’ এনচেফেলাইটিছত আক্ৰান্ত হৈছে৷ যোৱা মে’ মাহৰ পৰা ৰাজ্যখনত চাৰিজন এমিবিক মেনিংগ’ এনচেফেলাইটিছত আক্ৰান্ত হৈছে আৰু আটাইকেইজনেই হৈছে নাবালক৷ শেহতীয়াভাৱে ১৪ বছৰীয়া কিশোৰজন চিকিৎসা কৰি থকা চিকিৎসকৰ মতে কিশোৰজনৰ স্বাস্থ্যৰ অৱস্থা উন্নত হৈছে৷ এই বিৰল ৰোগত কেৰালাত এই বছৰ ১৫ জন লোক আক্ৰান্ত হৈছে আৰু এইপৰ্যন্ত মৃত্যু হৈছে পাঁচজন লোকৰ৷ এমিবিক মেনিংগ’ এনচেফেলাইটিছ হয় নেগৰেলিয়া ফাওলেৰি নামৰ এমিবাৰ কাৰণে হয় আৰু এই ৰোগক এমিবিক ব্ৰেইন ফিভাৰ ৰোগ বুলিও জনা যায়৷ জানিব পৰা মতে এমিবিক মেনিংগ’ এনচেফেলাইটিছ এবিধ বিৰল আৰু প্ৰাণঘাতী ৰোগ৷