এবছৰত ভাৰতীয়ই কিমান সুৰাপানকৰে জানিলে আচৰিত হ’ব

0
242


সুৰা সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে অপকাৰী৷ সেই কথাটো সকলোৱে জনাৰ পাছতো কিন্তু সুৰা সেৱনকাৰীৰ সংখ্যা কমা নাই, বৰঞ্চ দিনক দিনে সুৰা সেৱন কৰা লোকৰ সংখ্যা বৃদ্ধিহে হৈছে৷ ইয়াৰ প্ৰমাণ শেহতীয়াভাৱে প্ৰকাশ পোৱা এখন প্ৰতিবেদনৰ পৰা পোৱা গৈছে৷ ভাৰতত বিগত কেইটামান বছৰত সুৰাৰ বিক্ৰী অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ তাৰ লগে লগে বৃদ্ধি পাইছে সুৰাপায়ীৰ সংখ্যাও৷ যোৱা বিত্তীয় বৰ্ষত ভাৰতীয়ৰ সুৰাপানে নতুন অভিলেখৰ সৃষ্টি কৰে৷ সুৰা উদ্যোগৰ সংগঠন কনফেডাৰেশ্যন অব্‌ ইণ্ডিয়ান এলকহলিক বিভাৰেজ কোম্পানীয়ে প্ৰকাশ কৰা শেহতীয়া এখন প্ৰতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে৷ চি আই এ বি চিৰ তথ্য মতে, ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতত তৈয়াৰ কৰা বিদেশী সুৰাৰ বিক্ৰী ১৪ শতাংশ বৃদ্ধি পাই ৩৮.৫ কোটি পেটী হয়গৈ৷ উল্লেখ্য যে এক পেটীত ৯ লিটাৰ সুৰা থাকে৷ আন কথাত ভাৰতীয় লোকে এবছৰত ৩৫০ কোটি লিটাৰ সুৰা পান কৰে৷ চি আই এ বি চিৰ প্ৰতিবেদন মতে যোৱা বৰ্ষৰ সৰ্বাধিক বিক্ৰী হয় প্ৰিমিয়াম শ্ৰেণীৰ সুৰাৰ৷ প্ৰিমিয়াম সুৰাৰ বিক্ৰী যোৱা বিত্তীয় বৰ্ষত ৪৮ শতাংশ বৃদ্ধি পায়৷ আনহাতে প্ৰতি ৭০০ মিলিলিটাৰত ৫০০-১০০০ টকা দামৰ সুৰাৰ বিক্ৰী হ্ৰাস পাই ২০ শতাংশ হয়৷ কিন্তু পৰিমাণৰ হিচাপত সৰ্বাধিক বিক্ৰী হয় কম দামী সুৰা৷ চি আই এ বি চিৰ মতে চলিত বিত্তীয় বৰ্ষত এই ধাৰা অব্যাহত থকাৰ সম্ভাৱনা আছে৷ আনহাতে ২০২৩-২৪ বৰ্ষত সুৰাৰ বিক্ৰী ৪২ কোটি পেটী অৰ্থাৎ ৩৮০ কোটি লিটাৰলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ প্ৰতিবেদনখনত পোৱা মতে ভাৰতত হুইস্কী সৰ্বাধিক বিক্ৰী হয়৷ আনহাতে পশ্চিম ভাৰতৰ ৰাজ্যসমূহত সুৰাৰ বিক্ৰী সৰ্বাধিক ৩২ শতাংশ বৃদ্ধি পাইছে৷ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত ২২ শতাংশ, উত্তৰৰ ৰাজ্যসমূহত ১৬ শতাংশ, দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত ৯ শতাংশ সুৰাৰ বিক্ৰী বৃদ্ধি পাইছে৷ আনহাতে যোৱা বিত্তীয় বৰ্ষত ভাৰতৰ ভিতৰতে পঞ্জাবত সৰ্বাধিক পৰিমাণৰ সুৰা বিক্ৰী হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here