এফোটা হ’লেও বতৰৰ ফল কঁঠাল খাওক

0
178

বতৰৰ ফল কঁঠাল পুষ্টিগুণেৰে ভৰপূৰ৷ মানৱ দেহত যিমান পুষ্টিৰ প্ৰয়োজন, তাৰ প্ৰায়ভাগ পুষ্টি কঁঠালত পোৱা যায়৷ পকা কঁঠালৰ স্বাদ আৰু সুঘ্ৰাণ অতুলনীয়৷ কঁঠাল ৰোগ-ব্যাধিৰ উপশম কৰাত যিমান কাৰ্যকৰী, সিমানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত অন্যতম এবিধ ফল৷ কঁঠালে আমাক কিদৰে উপকাৰ সাধন কৰে, জানো আহক৷
কঁঠালত ভিটামিন-চি পোৱা যায় বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে৷ এজমা, চৰ্দি, কাহ আদি ৰোগ নিৰ্মূল কৰাত কঁঠালৰ ভূমিকা অপৰিসীম৷
কঁঠালত কলেষ্টৰেলৰ মাত্ৰা শূন্য৷ সেয়ে কঁঠাল স্বাস্থ্যৰ পক্ষে নিৰাপদ৷ যিকোনো বয়সৰ লোকে কঁঠাল খাব পাৰে৷ কঁঠাল শক্তি বৃদ্ধিৰ ভাল উৎস৷
কঁঠালত ভাল শৰ্কৰা পোৱা যায়৷ সেয়ে কঁঠাল খালে শৰীৰৰ ওজন বঢ়াৰ কোনো শংকা নাই৷
কঁঠাল ছালৰ বাবে উপকাৰী৷ কঁঠালে মুখত পৰা বলিৰেখা নিৰ্মূলত অৰিহণা যোগায়৷
কঁঠালত থকা এণ্টিঅক্সিডেণ্টে ৰোগ সৃষ্টিকাৰী ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ কৰে৷ কঁঠালত প্ৰচুৰ পৰিমাণে কেলচিয়াম আৰু মেগনেচিয়াম থকা বাবে হাড় মজবুত কৰাত সহায় কৰে৷
কঁঠালে কোলন কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে৷ কঁঠালে পেটৰ বিভিন্ন ৰোগ পৰিত্ৰাণ কৰাত সহায় কৰে৷ কঁঠালে কোষ্ঠকাঠিন্য দূৰ কৰাত বা অন্ত্ৰৰ ৰোগ নিৰ্মূলত সহায় কৰে৷
কঁঠালৰ প্ৰ’টিন যথেষ্ট পৰিমাণে থাকে বাবে শৰীৰৰ মাংসপেশীৰ গঠনত ভূমিকা লয়৷ ইয়াৰ থকা ফাইবাৰ আৰু কমপ্লেক্স কাৰ্বহাইড্ৰেটৰ কাৰণে বাৰ্ধক্যৰ প্ৰভাৱ সৃষ্টিকাৰী উপাদানবোৰক নিয়ন্ত্ৰণ কৰে৷
কঁঠালত ভিটামিন-এ যথেষ্ট পৰিমাণে থাকে বাবে চুলি ভালে ৰখাত অৰিহণা যোগায়৷
চকুৰ বিভিন্ন সমস্যা, দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ, কুকুৰীকণা ৰোগ প্ৰতিৰোধ কৰিবলৈ কঁঠাল উপকাৰী৷
মনত ৰাখিব যে অত্যধিক পৰিমাণে কঁঠাল খাব কেতিয়াও নাখাব৷ আনহাতে যিসকল লোক ডায়েবেটিছ বা কিডনী আদি ৰোগ আক্ৰান্ত, তেওঁলোকে কঁঠাল খোৱাৰ পৰা বিৰত থাকক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here