এনে এখন স্কুল, য’তফেল কৰিলেহে নামভৰ্তি হয়

0
1128


নিজৰ সন্তানক পঢ়ুৱাৰ কাৰণে সকলোৱে ভাল স্কুলৰ সন্ধান কৰে৷ বহুতে আনকি স্কুলৰ সম্পূৰ্ণ ইতিহাস তথা তথ্য অধ্যয়ন কৰিও লয়৷ স্কুলেও নামভৰ্তিৰ বাবে কিছুমান চৰ্ত বান্ধি দিয়ে৷ ইয়াৰ ভিতৰত পূৰ্বতে পঢ়া স্কুলত কিমান নম্বৰ পাইছিল, পঢ়া-শুনাত কেনেকুৱা আদিও আছে৷ কিছুমান বিদ্যালয়ত প্ৰৱেশ পৰীক্ষাও পতা হয়৷ কিন্তু এনেকুৱা এখন স্কুলো আছে যাৰ মূল চৰ্ত হ’ল ফেল কৰাতো৷ আন কথাত এই স্কুলখনত এনেকুৱা ছাত্ৰ-ছাত্ৰীকহে নামভৰ্তিৰ বাবে বাছনি কৰা হয় যি আন স্কুলত ফেল কৰিছে৷ লাডাখত থকা এই স্কুলখনৰ নাম হ’ল এছ ই চি এম অ’ এল৷ ১৯৮৮ চনত স্থাপন কৰা এই স্কুলৰ বিশেষত্ব হ’ল ইয়াত কোনোধৰণৰ পাঠ্যক্ৰম অনুসৰণ কৰা নহয়৷ ইয়াত ব্যৱহাৰিক বিজ্ঞান তথা জ্ঞান আৰু জীৱনৰ সম্পৰ্কে শিকোৱা হয়৷ স্কুলৰ সম্পূৰ্ণ চৌহদ ব্যৱস্থাপনাৰ দায়িত্ব ছাত্ৰ-ছাত্ৰীসকলৰ৷ ইয়াত দশম শ্ৰেণীৰ পৰীক্ষাত ফেইল কৰা বা সিমানতে পঢ়া বাদ দিয়াসকলকহে নামভৰ্তি কৰাৰ সুবিধা দিয়া হয়৷ স্কুলত কোনো টিউশ্যন ফিজ দিয়া নহয়, কেৱল খোৱা-বোৱাৰ বাবে প্ৰতি মাহে ২ হাজাৰ টকাকৈ দিব লাগে৷ স্কুলৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কাম কৰিব লাগিব আৰু প্ৰত্যেকৰে নিজাকৈ দায়িত্ব থাকে৷ অৱশ্যে ইয়াত কেৱল লাডাখৰ ছাত্ৰ-ছাত্ৰীয়েহে নামভৰ্তি কৰাব পাৰে৷ ইয়াত সৌৰ ডিজাইন, প্ৰাকৃতিক নিৰ্মাণ আদি বিষয়ত হ্ৰস্বম্যাদী শিক্ষা দিয়া হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here