শৰীৰত স্বাভাৱিক অৱস্থাতকৈ হিমগ্লবিনৰ পৰিমাণ কমি যোৱা বা শৰীৰৰ কোষবোৰলৈ অক্সিজেনৰ পৰিবহণ কমি যোৱা অৱস্থাটোকে ৰক্তহীনতা বা এনিমিয়া বোলে৷ প্ৰায় চাৰি হাজাৰ বছৰ আগতে ভাৰতৰ আয়ুৰ্বেদিক চিকিৎসক চৰকে এই ৰোগটোক ‘পাণ্ডু ৰোগ’ হিচাপে চিহ্নিত কৰিছিল৷ এনিমিয়া শব্দটো গ্ৰীক ভাষাৰ পৰা অহা৷ গ্ৰীক ভাষাত ‘এনি’ শব্দৰ অৰ্থ শূন্য আৰু ‘মিয়া’ শব্দৰ অৰ্থ তেজ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা মতে উন্নয়নশীল দেশসমূহত ৰক্তহীনতাৰ প্ৰাদুৰ্ভাব বেছি৷ শিশু, গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃসকলেই আটাইতকৈ বেছি এই পুষ্টিহীনতাত ভোগা দেখা যায়৷ ৰক্তহীনতাৰ বাবে মানুহ এজনে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে৷ প্ৰায়ে মূৰৰ বিষ আৰু ভাগৰুৱা অনুভৱ কৰা, টোপনিৰ ভাব আহিবলৈ ধৰা, কেতিয়াবা মূৰ ঘূৰণি আৰু চকুৰে আন্ধাৰ দেখা, হাওঁফাওঁৰ গতি মন্থৰ হোৱা, খাদ্যৰ প্ৰতি অনীহা, নখৰ ৰং বগা হোৱা, চকুৰ তল অংশ ক’লা পৰা আদি এনিমিয়াৰ প্ৰধান লক্ষণ৷ দৈনিক খোৱা খাদ্যত প্ৰ’টিনযুক্ত আহাৰৰ অভাৱ, মহিলাৰ দেহত পোষক তত্ত্ব যেনে– ফলিক এচিড, আইৰন আদিৰ অভাৱৰ ফলত এই ৰোগে দেখা দিয়ে৷ ইয়াৰ উপৰি দুৰ্ঘটনা, অস্ত্ৰোপচাৰ আদিৰ ফলত হোৱা ৰক্তক্ষৰণ, গেষ্ট্ৰিক বাইপাছ ছাৰ্জাৰি, লিভাৰ, কিডনী, হাওঁফাওঁ আদিৰ অসুখ, অতিমাত্ৰা ৰক্তদান, বংশগত ৰোগ, অতিমাত্ৰা ধূম্ৰপান, সঘনাই কম ব্যৱধানত কেইবাটাও সন্তানৰ মাতৃত্বৰ ফলত এনিমিয়া হ’ব পাৰে৷ আইৰনৰ অভাৱত হোৱা ৰক্তহীনতাৰ বাবে আমলখি, খিচমিচ, খেজুৰ, গাজৰ আদি খোৱা উচিত৷ আঠ-দহটা খিচমিচ ৰাতি পানীত তিয়াই ৰাখি বা গাখীৰৰ লগত মিহলাই সেৱন কৰিলেও ৰক্তহীনতাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ কৃমিৰ বাবে হোৱা ৰক্তহীনতাৰ বাবে কৃমিনাশক ঔষধ সেৱন কৰা উচিত৷ ৰক্তহীনতাত ভোগাসকলে ভিটামিন-বি, ভিটামিন-চিযুক্ত খাদ্য প্ৰচুৰ পৰিমাণে খাব লাগে৷ এনিমিয়া ৰোগ দেখা দিয়া মাত্ৰেই ডাক্টৰৰ পৰামৰ্শ ল’ব লাগে৷ সেয়েহে আহক, ৰক্তহীনতাৰ পৰা হাত সাৰিবলৈ সুষম আহাৰৰ লগতে ভিটামিনযুক্ত খাদ্য গ্ৰহণ কৰোঁ৷