এণ্টিবায়’টিকৰো আছে পাৰ্শ্বক্ৰিয়া সবিশেষ জানো আহক

0
90

এণ্টিবায়’টিক হৈছে আধুনিক চিকিৎসা বিজ্ঞ৷নৰ এক অপৰিহাৰ্য অংগ ৷ ই হৈছে এবিধ পদাৰ্থ, যিয়ে জীৱাণু ধবংস কৰে অথবা ইয়াৰ বংশবৃদ্ধি ৰোধ কৰে৷ বেক্টেৰিয়া হৈছে খালী চকুৰে নেদেখা এবিধ অণুজীৱ আৰু এই এণ্টিবায়’টিকে বেক্টেৰিয়া ধবংস কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ পৃথিৱীত আটাইতকৈ ব্যৱহূত এটা এণ্টিবায়’টিক হ’ল পেনিচিলিন৷ এই পেলিচিলিনে বেক্টেৰিয়াৰ কোষপ্ৰাচীৰ ধবংস কৰে৷ ফলত বেক্টেৰিয়াৰ বংশবৃদ্ধি হ’ব নোৱাৰে৷ দৈনিক ব্যস্ত জীৱনত প্ৰায় সকলো মানুহে বেমাৰ হ’লে ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈয়ে এণ্টিবায়’টিক সেৱন কৰা দেখা যায়৷ কিন্তু এই কথা বহুতে হয়তো নাজানো যে এণ্টিবায়’টিকৰ অত্যধিক ব্যৱহাৰে দেহত এণ্টিবায়’টিকৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে৷ ফলত দিনৰ পাছত দিন এনে দৰব সেৱন কৰিলেও ৰোগীয়ে ৰোগৰ পৰা নিৰাময় লাভ নকৰে৷ প্ৰয়োজনতকৈ অধিক এণ্টিবায়’টিক সেৱনৰ দ্বাৰা ডায়েৰিয়াৰ দৰে পেটৰ গুৰুতৰ ৰোগ হ’ব পাৰে বুলি চিকিৎসকসকলে সতৰ্কবাণী শুনাইছে৷ চিকিৎসকসকলৰ মতে মানুহৰ ক্ষুধা আৰু চৰ্বি নিয়ন্ত্ৰণ কৰে ঘ্ৰেলিন নামৰ এবিধ হৰম’নে৷ মানুহৰ দেহত কিছুমান উপকাৰী জীৱাণুৰ উপস্থিতিত এইবিধ হৰম’নৰ কামৰ গতি বৃদ্ধি পায়৷ কিন্তু সঘনাই এণ্টিবায়’টিক ব্যৱহাৰে মানৱ দেহত থকা শৰীৰৰ অনুকূল জীৱাণুসমূহক মাৰি পেলায়৷ ইয়াৰ ফলত পাকস্থলীত সংক্ৰমণৰ সৃষ্টি হৈ পানী জমা হয় আৰু থায়ৰইড হৰম’নৰ ভাৰসাম্যতা হ্ৰাস পায়৷ ইয়াৰ ফলত দেহৰ ওজন বৃদ্ধি পায়৷ সেয়েহে আহক আমি ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ এণ্টিবায়’টিক গ্ৰহণৰ পৰা বিৰত থাকোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here