আমাৰ সকলোৰে এণ্টাৰ্কটিকাৰ নামটো শুনিলেই অত্যন্ত ঠাণ্ডা বৰফৰ ৰাজ্য এখনৰ ছবি মনলৈ আহে৷ আনহাতে বিভিন্ন গৱেষণা, ইয়াৰ বিষয়ে অধ্যয়ন আদি কৰিবলৈ পৰ্যটকসকলে যাওঁতে নি(য় ভয়ংকৰ ঠাণ্ডাৰ সৈতে মোকাবিলা কৰিবলগা হয় আৰু বিশেষভাৱে তৈয়াৰ কৰা কাপোৰ পৰিধান কৰিহে ইয়ালৈ যোৱা হয়৷ কিন্তু যদি কোৱা হয় যে এটা সময়ত এণ্টাৰ্কটিকাত এনে পৰিৱেশ নাছিল৷ পৃথিৱীৰ আন অঞ্চলৰ দৰেই ইয়াতো উৎকট গৰম আছিল৷ ইয়াত গৰমৰ প্ৰকোপত ৰ’ব নোৱৰা পৰিৱেস আছিল৷ আপুনি বিশ্বাস কৰিবনে? হয়, গৱেষণা কৰি পোৱা মতে কথাটো সঁচা৷ বহু বছৰ আগতে এণ্টাৰ্কটিকাত এতিয়াৰ বহু চহৰৰ দৰে গৰমৰ প্ৰাদুৰ্ভাৱ আছিল৷ সেই সময়ত ইয়াত সেউজীয়া গছ-গছনি আছিল৷ সেইসময়ত গছৰ জীৱাশ্ম এতিয়াও এণ্টাৰ্কটিকাত দেখা যায়৷ আনকি সেই সময়ত ডাইন’ছৰ দৰে বিশালকায় প্ৰাণীয়েও ইয়াত বিচৰণ কৰিছিল৷ এণ্টাৰ্কটিকাত এই পৰিৱেশ প্ৰায় ৪০০ মিলিয়ন বছৰৰ আগতে আছিল বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷ চাৰি কোটি বছৰ আগতে এণ্টাৰ্কটিকাত কোনো বৰফৰ আস্বাদন নাছিল৷ কিন্তু পৰিস্থিতিতন্ত্ৰ সলনি, ইয়াৰ পৰিৱেশ, আৱহাৱা সলনি হোৱাৰ ফলত তেতিয়াৰ পৰিৱেশ সম্পূৰ্ণ সলনি হৈ আজিৰ এই অৱস্থাপ্ৰাপ্ত হয়৷ বিৱৰ্তনৰ ফলত ক্ৰমান্বয়ে এণ্টাৰ্কটিকাৰ আজিৰ চাৰিওফালে কেৱল বৰফে ঢকা বিশাল আকৃতিৰ পাহাৰৰ চূড়া দেখিবলৈ পোৱা যায়৷ সেই সময়ত এই অঞ্চলত বাস কৰা জীৱবোৰ নোহোৱা হৈ এই পৰিৱেশত মিলা