এণ্টাৰ্কটিকাৰ বৰফৰ তলত সন্ধান নতুন মেৰিন দুনীয়াৰ

0
51

এণ্টাৰ্কটিকাৰ বৰফৰ তলত সন্ধান মিলিল নতুন এখন মেৰিন দুনীয়াৰ৷ সেই দুনীয়াত অদ্ভুত সকলো প্ৰাণী আছে বুলি দাবী কৰিছে নিউজিলেণ্ডৰ এদল বিজ্ঞানীয়ে৷ বিজ্ঞানীয়ে জনোৱা মতে এণ্টাৰ্কটিকাৰ বৰফৰ তলত এখন মেৰিন লাইফৰ সন্ধান পোৱা গৈছে৷ সম্প্ৰতি তেওঁলোকৰ এই দাবী প্ৰকাশ পাইছে ব্ৰিটিছ গণমাধ্যম দ্য গাৰ্ডিয়ান আৰু টেকভিত্তিক সংবাদ মাধ্যম লাইফ ছায়েন্সে৷ বিজ্ঞানীয়ে এণ্টাৰ্কটিকাৰ ৰস আইচ শেল্ফ পৰা কেইবাশ কিলোমিটাৰ দূৰত অৱস্থিত এটা মোহনা পৰ্যবেক্ষণ কৰিবলৈ গৈ এই নতুন দুনীয়াৰ সন্ধান পাইছে৷ মূলতঃ জলবায়ু পৰিৱৰ্তনৰ কাৰণে বৰফ গলাৰ ফলত ইয়াৰ ভূমিকা কি হ’ব পাৰে, সেই কথা জনাবলৈ বিজ্ঞানীৰ মূল উদ্দেশ্য৷ এই লক্ষ্য লৈয়ে বিজ্ঞানীয়ে বৰফৰ মাজত স্থাপন কৰা কেমেৰাত অস্বাভাৱিক কিছুমান ‘মুভিং অবজেক্ট ধৰা পৰে৷ কেমেৰাত ধৰা পৰা ভিডিঅ’ পৰ্যবেক্ষণ কৰি বিজ্ঞানীয়ে জনাইছে যে বৰফৰ তলত ক্ষুদ্ৰ প্ৰাণীৰ বিৰাট এটা দল আছে৷ এই বিষয়ে গৱেষকৰ দলৰ সদস্য ক্ৰেগ ষ্টিফেনছে কৈছে কিছু মুহূৰ্তৰ কাৰণে কেমেৰাৰ হয়তো কোনো সমস্যা হোৱা বুলি ধৰা হৈছিল, কিন্তু যেতিয়া ইয়াক সূক্ষ্মভাৱে লক্ষ্য কৰা হয় তেতিয়া তাত দেখা পোৱা গ’ল পাঁচ মিঃমিঃ আকাৰৰ অথ্ৰোপডৰ এটা জাক৷ গৱেষকে কোৱা মতে মোহনা অধ্যয়ন কৰাৰ সময়ত ইয়াত লুকাই থকা নতুন এখন বিশ্বত প্ৰৱেশ কৰাৰ দৰে হ’ল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here