এণ্টাৰ্কটিকা বা দক্ষিণ মেৰু অঞ্চল চাৰিওফালে বৰফেৰে ঢকা৷ এণ্টাৰ্কটিকা তথা দক্ষিণ মেৰু অঞ্চলত এই সময়তো আছে অত্যন্ত শীত৷ হাড় কঁপোৱা অসহনীয় ঠাণ্ডা এই অঞ্চলত৷ চাৰিওফালে কেৱল বৰফ আৰু বৰফ৷ বৰফেৰে ঢকা আচ্ছাদন৷ ইয়াত শীতকালত ঠাণ্ডাৰ মাত্ৰা কিমান ভয়ংকৰ হ’ব সেয়া সাধাৰণ মানুহৰ পক্ষে অনুমান কৰাই কঠিন৷ ইয়াৰ চাৰিওফালে যিমানদূৰ দেখে কেৱ মাত্ৰ বৰফৰ ছাদ৷ এনে বৰফৰ মাজত ফল হোৱাটো সম্ভৱনে? কিন্তু শেহতীয়াভাৱে সেইটোৱে দেখিবলৈ পালে বিজ্ঞানীয়ে৷ দক্ষিণ মেৰুত শীতকালত ফুলিল তৰমুজ ফল৷ ভষ্টক ষ্টেচন হ’ল দক্ষিণ মেৰুত থকা ৰাছিয়াৰ গৱেষণাগাৰ৷ এই অঞ্চলতে বিজ্ঞানীয়ে আঠটা তৰমুজ হোৱা দেখিবলৈ পাইছে৷ বৰফৰ মাজতে তৰমুজকেইটা লাহে লাহে ডাঙৰ হ’বলৈ ধৰিছে৷ ইয়াত উৎপাদন হোৱা তৰমুজকেইটাৰ সোৱাদ আৰু গোন্ধৰো কোনোগুণে কমা নাই৷ গৰমৰ বাবে ব্যৱহাৰ কৰা হৈছে পোহৰ৷ বিশেষভাৱে এই মেৰুত ঠাণ্ডাতেই এইদৰে ডাঙৰ তাৰ স্বাভাৱিক আকাৰ লৈছে তৰমুজে৷ এনেদৰে ৰাছিয়াৰ বিজ্ঞানীয়ে দক্ষিণ মেৰুত তৰমুজৰ খেতি কৰিবলৈ লৈছে৷ এইদৰে বিশ্বৰ অন্যতম শীতল ঠাইত তৰমুজৰ খেতি কৰি আন এক নতুন চকমৰ সৃষ্টি কৰিলে বিজ্ঞানীয়ে৷ আনহাতে অনাগত দিনত আৰু অধিক বিস্তাৰিতভাৱে মেৰু অঞ্চলত তৰমুজৰ খেতি কৰিবলৈ চেষ্টা চলাব বুলি বিজ্ঞানীয়ে সদৰী কৰিলে