এণ্টাৰ্কটিকাত বিশেষ অভিযানলৈবাছনি অসমৰ মহাকাশ বিজ্ঞানী প্ৰিয়ংকা

0
177


বিশ্বৰ বিভিন্ন ক্ষেত্ৰত উজলি উঠা অসম সন্তানে এইবাৰ অসমীয়াৰ স্বাভিমান গামোচা সুদূৰ এণ্টাৰ্কটিকাত উৰুৱাবলৈ সাজু হৈছে৷ অসম সন্তান, মহাকাশ বিজ্ঞানী প্ৰিয়ংকা বৰকাকতীয়ে বিশ্বৰ ১৮খন দেশৰ বিভিন্ন ক্ষেত্ৰৰ পৰা বাছনি কৰা মহিলা দলৰ সৈতে এণ্টাৰ্কটিকাত এক বিশেষ অভিযানত অংশ ল’বৰ বাবে বাছনি লাভ কৰিছে৷ বিজ্ঞানী প্ৰিয়ংকাই এণ্টাৰ্কটিকাত ১৯ টা নিশা অতিবাহিত কৰিব৷ এই সময়ছোৱাৰ দলটোৱে এণ্টাৰ্কটিকাৰ বুকুত বিভিন্ন বিষয়ত গৱেষণা চলাব৷ উল্লেখ কৰা প্ৰয়োজন যে প্ৰিয়ংকাই সংযুক্ত থকা মহাকাশ বিজ্ঞানীয়ে পৰিকল্পনা কৰা এই অভিযানটোৰ নাম হোমৱাৰ্ড বাউণ্ড প্ৰগ্ৰেম৷ এই অভিযানটোত বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক, গণিত, ঔষধ ক্ষেত্ৰৰ সৈতে জড়িত বিশ্বৰ ৮০ গৰাকী বিজ্ঞানীক এই অভিযানৰ বাবে নিৰ্বাচন কৰা হৈছে৷ উল্লেখ্য যে প্ৰিয়ংকাই এই যাত্ৰাকালত অসম চৰকাৰ আৰু অসম পৰ্যটন বিভাগেও সহযোগ কৰিব৷ অসম সন্তান প্ৰিয়ংকা ৰাজকাকতীয়ে ইতিমধ্যে ফ’ৰ্বছৰ ত্ৰিশ অনূৰ্ধ্ব ৩০ গৰাকী, কৰ্মান ফেলশ্বিপ, ইণ্ডিয়া টুডেৰ ১০০ উদ্ভাৱক আদি সন্মান লাভ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here