এণ্টাছিড খায়ো হজমৰ সমস্যা কমা নাই : বজ্ৰাসন কৰক

0
8

যোগাসনে শৰীৰ সুস্থ তথা সবল কৰি ৰাখে৷ বিভিন্ন প্ৰকাৰৰ যোগ তথা প্ৰাণায়ামে আমাক নিৰোগী কৰাৰ লগতে শাৰীৰিক তথা মানসিক স্বাস্থ্য ধৰি ৰখাত উল্লেখনীয় অৱদান আগবঢ়ায়৷ কিন্তু অসন্তুলিত খাদ্যাভ্যাস, জীৱনশৈলীৰ অস্বাভাৱিকতা তথা শাৰীৰিক শ্ৰমবিমুখ জীৱনে বিভিন্ন ৰোগক আমন্ত্ৰণ জনায়৷ বহুতৰ ক্ষেত্ৰতো দেখা যায় যে সাংঘাতিকভাৱে হজমৰ সমস্যাত ভোগে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ফাৰ্মাচীৰ পৰা ঔষধ সেৱন কৰি এদিন বা দুদিন কিছু সকাহ পায় যদিও দীৰ্ঘকালৰ বাবে সুফল নাপায়৷ ইয়াৰ পৰা  নিৰাময়ৰ একমাত্ৰ উপায় হ’ল নিয়মিতভাৱে যোগাসনৰ অভ্যাস কৰা আৰু ইয়াৰ বাবে এই আসনবিধ বাছি ল’ব পাৰে৷ এই আসনবিধৰ নাম বজ্ৰাসন৷ এই আসনক বজ্ৰ আৰু অশনি ভংগিমাও বোলা হয়৷ বজ্ৰনদী কিম্বা বজ্ৰপথ সাধাৰণ অৱস্থাৰ পৰা উপলব্ধিৰ এক উজ্জ্বল পথ৷ আকাশৰ বিদ্যুৎ মাটিত নামি অহাৰ আলোকজ্জ্বল পথৰ দৰেই মানুহৰ এই আধ্যাত্মিক অনুভৱৰ পথে এন্ধাৰৰ পৰা আলোকৰ ঠিকনা দিব পাৰে৷ নিয়মিতভাৱে এই আসন কৰিলে আধ্যাত্মিক শক্তি উন্নত কৰে৷ ইয়াৰ লগতে এই আসনে হজমৰ সমস্যা সহজে নিৰ্মূল কৰিব পাৰে৷ লগতে পেটৰ আন সমস্যাৰো সমাধানৰ উপায় এই আসন৷ কঁকালৰ বিষ, পিঠিৰ যন্ত্ৰণা আদিৰ পৰা মুক্তি দিব পাৰে এই আসনে৷ কিদৰে কৰিব বজ্ৰাসন ঃ- এই আসন কৰিবলৈ অতি সহজ যদিও ইয়াৰ ফলাফল কিন্তু সৰ্বশক্তিমান৷ প্ৰথমে মাটিত মেৰুদণ্ড পোন কৰি সুন্দৰকৈ বহি ল’ব৷ বহোতে আপোনাৰ নিতম্ব ভৰিৰ গোৰোহাৰ ওপৰত ৰাখিব৷ ভৰিৰ আঙুলিত বেছি চাপ নিদিব৷ এতিয়া হাত দুখন উৰুৰ ওপৰত ৰাখি চকু দুটা মুুদি জোৰকৈ উশাহ টানক আৰু এৰি দিয়ক৷ এনে সময়ত মুখেৰে ঔম ধবনি উচ্ছাৰণ কৰিব পাৰে৷ এইদৰে ১৫-২০ মিনিটমান দীঘলকৈ উশাহ টানক আৰু এৰি দিয়ক৷ এই আসন কৰাৰ সময়ত হাত দুখন প্ৰণাম বা ধ্যান ভংগীতো ৰাখিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here